আই আই টি, গুৱাহাটীত শিক্ষার্থীৰ পুনৰ আত্মহননৰ ঘটনা

এমাহৰ ভিতৰতে দ্বিতীয়টো আত্মহননৰ ঘটনা

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ জ্ঞান আৰু প্রজ্ঞাৰ উচ্চ শিক্ষা প্রতিষ্ঠান গুৱাহাটী আই আই টিত পুনৰ শিক্ষার্থীৰ আত্মহননৰ ঘটনা সংঘটিত হৈছে৷ আত্মহনন কৰা শিক্ষার্থীজনৰ নাম গুডলা মহেশ চাই ৰাজ বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ আই আই টি, গুৱাহাটীৰ কম্পিউটাৰ ইঞ্জিনীয়াৰিঙৰ বি টেক তৃতীয় বর্ষত অধ্যয়নৰত ছাত্রজনৰ ঘৰ অন্ধ্রপ্রদেশ পূব গোদাবৰীত৷ শিক্ষা প্রতিষ্ঠানখনৰ লোহিত হোষ্টেলৰ আৱাসী গুডলা মহেশ চাই ৰাজ যোৱা ৬ অক্টোবৰৰ পৰা নিখোজ হৈ আছিল৷ গুৱাহাটী আই আই টি কর্তৃপক্ষই ছাত্রজন নিখোজ হোৱা সংক্রান্তত যোৱা ৭ অক্টোৱৰত স্থানীয় আমিনগাঁও আৰক্ষী চকীত অৱগত কৰিছিল৷ কিন্তু আজি পুৱা চিপ লোৱা অৱস্থাত লোহিত হোষ্টেলৰ এটা পৰিত্যক্ত কোঠাত তেওঁক উদ্ধাৰ কৰা হয়৷ কোঠাটোৰ পৰা দুর্গন্ধ নির্গত হোৱাত পোহৰলৈ আহে সমগ্র ঘটনাটো৷ লোহিত হোষ্টেলৰ চি ৩১৪ নম্বৰ কোঠাৰ ছাত্র গুডলা মহেশ চাই ৰাজৰ মৃতদেহ একেটা হোষ্টেলৰ ডি ৩৬০ নম্বৰ কোঠাত উদ্ধাৰ হয়৷ উল্লেখ্য যে বিশ্বকর্মা পূজাৰ দিনটোত সূর্যনাৰায়ণ প্রেম কিশোৰ নামৰ আন এজন বি টেক শিক্ষার্থীয়ে উমিয়াম হোষ্টেলত আত্মহত্যা কৰিছিল৷ এমাহৰ ভিতৰত সংঘটিত দ্বিতীয়টো আত্মহত্যাৰ ঘটনাই ইতিমধ্যে শিক্ষা প্রতিষ্ঠানখনত শোকৰ ছাঁ পেলাইছে৷ ছাত্রজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে ছাত্রজনে আত্মহত্যা কৰিছে নে ছাত্রজনক হত্যা কৰা হৈছে, জানিব পৰা যাব৷ ঘটনা সন্দর্ভত আমিনগাঁও আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷