আগ্ৰাৰ নাম সলনি হৈ হ’ব পাৰে ‘আগ্ৰাবন’ !

নিউজডেস্ক, ১৯ নৱেম্বৰঃ উত্তৰ প্ৰদেশৰ ঐতিহাসিক এলাহাবাদক ‘প্ৰয়াগৰাজ’ আৰু মোগলচৰাইক ‘দীনদয়াল উপাধ্যায় চহৰ’ হিচাপে নামকৰণ কৰাৰ পিছত আগ্ৰাৰ নামো সলনি কৰাৰ পৰিকল্পনা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে । ইতিমধ্যে বিজেপিৰ বিধায়ক জগন প্ৰসাদ গাৰ্গে আগ্ৰাক ‘আগ্ৰাবন’ হিচাপে নামকৰণ কৰিবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পত্ৰযোগে দাবী জনাইছে । আগ্ৰাৰ নাম সলনি কৰি আগ্ৰাবন হিচাপে নামকৰণ কৰিবলৈ পৰিকল্পনা কৰি উত্তৰ প্ৰদেশ চৰকাৰে ডঃ বি আৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগক আগ্ৰাৰ ঐতিহাসিক বিশ্লেষণক পৰ্যালোচনা কৰিবলৈ পত্ৰযোগে আহ্বান জনাইছে । বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক সুগম আনন্দে প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে পত্ৰযোগে আগ্ৰাৰ ইতিহাসক অধ্যয়ন কৰিবলৈ জনাইছে আৰু এই পত্ৰখনতে আগ্ৰা চহৰক পূৰ্বে আন কিবা নামেৰে জনা গৈছিল নেকি সেই সন্দৰ্ভতো পুংখানুপুংখ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে । অধ্যাপক আনন্দে প্ৰকাশ কৰা মতে ইতিমধ্যে তেওঁলোকৰ অধ্যয়ন, গৱেষণা আৰম্ভ কৰিছে ।