আজি কিয় মনোনয়ন দাখিল কৰা নহ’ল অৰবিন্দ কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী অৰবিন্দ কেজৰিৱালে এক বিশাল ৰোড শ্ব’ৰ মাজেৰে মনোনয়ন দাখিল কৰিবলৈ যায় যদিও মনোনয়ন দাখিল কৰা নহ’ল কেজৰিৱালৰ ।

এই সন্দৰ্ভত কেজৰিৱালে কয় যে, ‘আজিয়েই মই মোৰ মনোনয়ন দাখিল কৰিবলৈ গৈছিলোঁ যদিও ৩ বাজি পাৰ হৈ যোৱাৰ বাবে বন্ধ হৈ পৰে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় । লগতে ইমানবোৰ মানুহক একাষৰীয়া কৰি মই কিদৰে মনোনয়ন দাখিলৰ বাবে যাওঁ ? গতিকে কাইলৈ মই দাখিল কৰিম মোৰ মনোনয়ন । ‘

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে  আম আদমী পাৰ্টী আৰু তেওঁলৈ এই বিশাল ৰোডশ্বৰ বাবে জনোৱা সঁহাৰিৰ বাবে ধন্যবাদ জনায় সকলো লোককে । মাজত মাত্ৰ ২০ টা দিন বাকী থকা দিল্লী নিৰ্বাচনৰ পূৰ্বে প্ৰতিঘৰ মানুহলৈ গৈ আম আদমী পাৰ্টীৰ বাবে ভোটভিক্ষা কৰিব বুলিও উল্লেখ কৰে অৰবিন্দ কেজৰিৱালে ।

Featured
Comments (0)
Add Comment