আজি মহাৰাষ্ট্ৰৰ মচনদত বহিব উদ্ধৱ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ মায়ানগৰী মুম্বাইস্থিত ঐতিহাসিক শিৱাজী পাৰ্কত আজি সামৰণি পৰিব মহাৰাষ্ট্ৰৰ মাহজোৰা মহাড্ৰামা । শিৱসেনা, এন চি পি আৰু কংগ্ৰেছৰ মিত্ৰজোঁট মহাৰাষ্ট্ৰ বিকাশ আঘাড়ীৰ নেতা তথা শিৱসেনাৰ মূৰব্বী উদ্ধৱ থাকৰেই সন্ধিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব । শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সজাই তোলা শিৱাজী পাৰ্কত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা । এই শপত গ্ৰহণ অনুষ্ঠানত উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰীৰ আসনত বহাৰ লগে লগে কংগ্ৰেছ আৰু এন চি পিৰ বিধায়কেও মন্ত্ৰিত্বৰ শপত ল’ব । এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত থাকিব । শপত গ্ৰহণৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ৪০০ কৃষকক । ইতিমধ্যে তিনিওটা দলৰ মাজত মন্ত্ৰিত্বক লৈও সম্পন্ন হৈছে ভাগ-বতৰা । সূত্ৰ অনুসৰি কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষ পদটো দাবী কৰে যদিও পিছলৈ ৯ টা কেবিনেট আৰু ৪ টা ৰাজ্যিক মন্ত্ৰীসহ মুঠ ১৩ মন্ত্ৰিত্বৰ পদক লৈ মান্তি হয় । শেহতীয়া তথ্য মতে , কংগ্ৰেছে অধ্যক্ষৰ লগতে ১২ টা মন্ত্ৰিত্বৰ পদ লাভ কৰিব । এন চি পিয়ে উপ-মুখ্যমন্ত্ৰীৰ লগতে ১৪ টা মন্ত্ৰিত্বৰ পদ লাভ কৰিব । লক্ষণীয় যে, উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ দলৰ পৰা এলাগী হোৱা অজিত পাৱাৰ দললৈ উভতি অহাৰ পাচতে একাংশ নেতাই তেওঁক পুনৰ উপ-মুখ্যমন্ত্ৰী পদ দিবলৈ আহ্বান জনাইছে ।

Featured