আদালতলৈ যোৱাৰ পথতে ধৰ্ষিতাক জ্বলাই দিলে অভিযুক্তই

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ উত্তৰ প্ৰদেশৰ উন্নাওত এগৰাকী ধৰ্ষিতা মহিলাই স্থানীয় আদালতলৈ যোৱা পথতেই অভিযুক্তই মহিলাগৰাকীক পেট্ৰ’ল ঢালি জ্বলাই দিয়ে। জামিনত মুক্তি পোৱা দুই অভিযুক্তই আন তিনিজনৰ সৈতে মিলিত হৈ গোচৰৰ বাবে আদালতলৈ গৈ থাকোঁতেই ধৰ্ষিতা মহিলাগৰাকীক মানুহ নথকা পথলৈ টানি লৈ যায় আৰু তাত কেৰাচিন ঢালি জ্বলাই দিয়ে। ধৰ্ষিতাগৰাকীক জ্বলাই দিয়াৰ পাছতেই নৰপিশাচকেইটাই ৰাইজে নেদেখাকৈ আঁতৰি যায়। আনহাতে সহায়ৰ বাবে চিঞৰি চিঞৰি ধৰ্ষিতা মহিলাগৰাকীয়ে দৌৰিবলৈ ধৰে। এনে সময়তে এগৰাকী মহিলাই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু মহিলাগৰাকীৰ প্ৰচেষ্টাতেই এখন এম্বুলেন্সৰ জৰিয়তে প্ৰথমে সমূহীয়া স্বাথ্যকেন্দ্ৰ আৰু পিছলৈ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাৰ পিছত উন্নত চিকিৎসা দিল্লীলৈ প্ৰেৰণ কৰা হয়। বৰ্তমান ৰাজধানী ছফৰদৰজংগৰ চিকিৎসালয়ত ভেণ্টিলেটৰত ৰখা হৈছে যদিও সংকত মুক্ত হোৱা নাই মহিলাগৰাকী। বৰ্তমান আটাইকেইজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Comments (0)
Add Comment