আধাৰ দিয়ক আৰু পিঁয়াজ লৈ যাওক

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ৰকেটৰ গতিত পিঁয়াজৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক সংকটত পেলোৱা সময়তে দেশজুৰি চৰকাৰৰ বিৰুদ্ধে সংগঠিত হৈছে প্রতিবাদ৷ অকল কেন্দ্রীয় চৰকাৰেই নহয়, বিভিন্ন ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধেও অভিনৱ প্রতিবাদ সাব্যস্ত হৈছে৷ শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সমষ্টি বাৰাণসীত সমাজবাদী পার্টীৰ যুৱ শাখাৰ কর্মীসকলে বিষয়টোক লৈ ঋণত গ্রাহকক পিঁয়াজ বিক্রী কৰাৰ বাবে কেইবাখনো বিপণী মুকলি কৰিছে৷ যিসকল গ্রাহকে পিঁয়াজ ক্রয় কৰিব বিচাৰে, তেওঁলোকে ইয়াৰ বিনিময়ত ৰূপৰ অলংকাৰ নাইবা আধাৰ কার্ড বিপণীসমূহত মর্টগেজ হিচাপে জমা দিব লাগিব৷ সমাজবাদী দলৰ কর্মীসকলৰ এই প্রতিবাদে প্রধানমন্ত্রী মোদীৰ সমষ্টিত সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি৷ সংবাদ সংস্থা এএনআইৰ প্রতিবেদন অনুসৰি সমাজবাদী পার্টীৰ কর্মীসকলে এই নতুনকৈ স্থাপন কৰা পিঁয়াজৰ দোকানত ল’কাৰো ৰাখিছে৷ এই ল’কাৰত গ্রাহকে মর্টগেজ হিচাপে জমা দিয়া ৰূপৰ অলংকাৰ আৰু আধাৰ কার্ডবোৰ ৰখা হ’ব৷