‘আপ’ৰ ৫১ শতাংশ প্রার্থীৰ বিৰুদ্ধে অপৰাধ গোচৰ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অহা ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচনত আম আদমী পার্টীৰ হৈ নির্বাচনী যুঁজত নমা ৭০জন প্রার্থীৰ ৩৬জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷ এছ’চিয়েচন ফ’ৰ ডেম’ক্রেটিক ৰিফর্মছৰ তথ্য মতে, এনে অপৰাধমূলক গোচৰ থকা আপ দলৰ বিধায়কৰ পৰিমাণ হ’ল ৫১ শতাংশ৷ আন বৃহৎ দলৰ ভিতৰত ভাৰতীয় জনতা পার্টীৰ ৬৭ প্রার্থীৰ ভিতৰত ১৭জন, কংগ্রেছৰ ৬৬ প্রার্থীৰ ভিতৰত ১৩জন, বহুজন সমাজ পার্টীৰ ৬৬ প্রার্থীৰ ভিতৰত ১০জন, নেচনেলিষ্ট কংগ্রেছ পার্টীৰ ৫ প্রার্থীৰ ভিতৰত দুজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে৷ উল্লেখ্য যে দিল্লী বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৬৭২ প্রার্থীৰ ভিতৰত বিভিন্ন দলৰ সর্বমুঠ ১৩৩জন প্রার্থীৰ বিৰুদ্ধে আছে এনে অপৰাধমূলক গোচৰ৷ পৰিসংখ্যা হিচাপত ২০ শতাংশ৷

দিল্লীৰ নির্বাচন
Comments (0)
Add Comment