আফজলৰ পৰা নিৰ্ভয়া লৈ : প্ৰতিটো ফাঁচীত কিয় ব্যৱহাৰ হয় বক্সাৰ জেলত তৈয়াৰী ৰছী !

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক ২২ জানুৱাৰীৰ দিনা ফাঁচীকাঠত ওলমোৱাৰ নিৰ্দেশ দিয়াৰ পাচতেই এতিয়া ফাঁচীৰ ৰছী তৈয়াৰত ব্যস্ত হৈ পৰিছে বিহাৰৰ বক্সাৰ জেল । বক্সাৰ জেলত প্ৰস্তুত হোৱা এই বিশেষ ৰছীত প্ৰকৃততে কি থাকে অথবা ফাঁচীৰ নিৰ্দেশ দিয়াৰ পাচতেই কিয় বক্সাৰ জেলত ৰছী প্ৰস্তুতৰ বাবে দিয়া হয় বিশেষ ফৰ্মাইছ , সেই সন্দৰ্ভত সকলোৰে মনত আছে এক কৌতুহল । ফাঁচীৰ বাবে আন ঠাইত প্ৰস্তুত কৰা ৰছী কিয় উপযোগী নহয় , হয়তো আপোনাৰ মনতো ক্ৰিয়া কৰিছে এনে প্ৰশ্নই ।

মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছে, সংসদ ভৱনৰ আক্ৰমণত জড়িত আফজল গুৰুৰ ফাঁচী, মুম্বাই বিস্ফোৰণৰ দোষী ইয়াকুব মেমন আৰু আজমল কাছবৰ ফাঁচীৰ বাবে ব্যৱহাৰ কৰা ৰছীও প্ৰস্তুত কৰা হৈছিল বিহাৰৰ এই বক্সাৰ জেলতেই । কিন্তু কিয় ভাৰতবৰ্ষত ফাঁচীৰ নিৰ্দেশ দিয়াৰ পাচতেই ৰছী তৈয়াৰ কৰা হয় বক্সাৰ জেলত ?

ফাঁচীৰ ৰছী প্ৰস্তুতৰ ক্ষেত্ৰত বক্সাৰ জেল ১৮৮৪ চনৰ পৰাই নিয়োজিত হৈ আহিছে । ১৮৮০ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে উত্তৰ প্ৰদেশ পৰ্যন্ত শাসন ক্ষমতা লোৱাৰ পাচতেই ব্ৰিটেইনৰ পৰা ফাঁচীৰ ৰছী প্ৰস্তুতৰ বাবে আনে এক বিশেষ যন্ত্ৰ । ইয়াৰ পাচতেই ব্ৰিটিছ চৰকাৰে কাৰখানা আইন সলনি কৰি ভাৰতৰ ফাঁচীৰ ৰছী প্ৰস্তুতকৰণৰ বাবে একমাত্ৰ অধিকাৰ দিয়ে বক্সাৰ জেলক । সেই নিয়ম অনুসৰিয়েই বৰ্তমানেও প্ৰতিটো ফাঁচীৰ ৰছী প্ৰস্তুত কৰি আহিছে বক্সাৰ জেলে ।

ফাঁচীৰ বাবে ব্যৱহৃত এই ৰছী হৈছে সচৰাচৰ দেখি থকা ৰছী নহয় । জে ৩৪ জাতৰ উন্নত জাতৰ কপাহৰ সহায়ত প্ৰস্তুত কৰা এই ৰছীৰে অনায়াসে ১৫০ কিলোগ্ৰাম ওজনৰ অভিযুক্ত ফাঁচী দিব পাৰে । ইয়াক প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সূতা অৰ্থাত কপাহবিধ পোৱা যায় একমাত্ৰ পঞ্জাৱত । পঞ্জাৱৰ পৰাই কেঁচামাল অনা হয় বক্সাৰ জেললৈ । ভাৰতত একমাত্ৰ ফাঁচীৰ ৰছী প্ৰস্তুতৰ বাবেই ব্যৱহৃত হৈ আহিছে এইবিধ সূতা ।

বক্সাৰ জেলৰ ৪ অথবা ৫ জন কয়দীয়ে তৈয়াৰ কৰে এই ৰছী । এওঁলোকৰ সহায়তে জেলৰ বাকী কয়দী সকলক এই ৰছী প্ৰস্তুতৰ বাবে প্ৰশিক্ষণ দিয়া হয় । অৱশ্যে ইয়াৰ মাজত কোনো মৃত্যুদণ্ডৰ ৰায়দান কৰা কয়দী নাথাকে । ফাঁচীৰ থকা নিয়ম অনুসৰি দোষীৰ মৃত্যুৰ পাচতো ডিঙিত যাতে কোনো দাগ ৰৈ নাযায় , ফাঁচী হোৱাৰ পাচত মৰণোত্তৰ পৰীক্ষাত গুৰুত্ব হয় এই বিশেষ বিষয়টি । গতিকে ফাঁচীৰ বাবে ভাৰতত একমাত্ৰ বক্সাৰ জেলতেই তৈয়াৰ কৰা হয় এই বিশেষ ৰছী ।

biharbuxer jailcentral jailFeaturedফাঁচীৰ ৰছীবক্সাৰ জেলবিহাৰ
Comments (0)
Add Comment