আমেৰিকা আক্রান্ত হ’লে ইৰানৰ ৫২টা স্থানত চলিব ভয়ানক আক্রমণ-ট্রাম্প

মার্কিন বায়ুসেনাৰ এয়াৰ ষ্ট্রাইকত ইৰানৰ ৰিভ’লুচনাৰী গার্ডছৰ কমাণ্ডাৰ জেনেৰেল কাছিম ছোলেইমানী নিহত হোৱাৰ পিছত মধ্যপ্রাচ্যত তীব্র উত্তেজনা অব্যাহত আছে৷ আমেৰিকাৰ এই আক্রমণৰ যোগ্য প্রত্যুত্তৰ দিব বুলি ইৰানে হুংকাৰ দিয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে দেওবাৰে ইৰানক কঠোৰ সকীয়নি দিছে৷ কাছিম ছোলেইমানীৰ হত্যাৰ প্রতিশোধ কেনেদৰে লয়, সেই বিষয়ে আমেৰিকাই নাজানে যদিও তেহৰানে তেনেকুৱা কিবা পৰিকল্পনা কৰিলে ফলাফল অতি ভয়াৱহ হ’ব বুলি কঠোৰ সকীয়নি দিছে হোৱাইট হাউছে৷

আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে কয় যে কোনো মার্কিন প্রতিষ্ঠান বা নাগৰিক যদি আক্রান্ত হয়, তেন্তে ইৰানৰ আৰু ৫২টা স্থানত ভয়ংকৰ আৰু ক্ষিপ্র আক্রমণ চলোৱা হ’ব৷ অত্যন্ত দ্রুত আৰু ভয়াৱহ আক্রমণ কৰা হ’ব বুলিও সকীয়নি দিয়ে মার্কিন ৰাষ্ট্রপতিয়ে৷ স্বাভাৱিকতেই ড’নাল্ড ট্রাম্পৰ এই সকীয়নিৰ পিছত মধ্যপ্রাচ্যত পুনৰ উত্তেজনা বৃদ্ধি পাইছে৷ উল্লেখ্য যে কিছু বছৰ আগতে ইৰানৰ মার্কিন দূতাৱাসত ৫২জনকৈ লোকক পণবন্দী কৰাৰ ঘটনা ঘটিছিল৷ সেই ৫২জন আমেৰিকান নাগৰিকৰ বিপৰীতে ইৰানৰ ৫২টা স্থানত আক্রমণ চলাব বুলি আমেৰিকাৰ ৰাষ্ট্রপতিয়ে ভাবুকি দিয়ে৷ টুইটযোগে আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পে কয়– ‘তেওঁলোকে আমাক আক্রমণ কৰিছিল আৰু আমি তাৰ প্রত্যুত্তৰ দিলোঁ৷ যদি তেওঁলোকে পুনৰ আক্রমণ কৰে, তেন্তে আমি ইমান কঠোৰভাৱে প্রত্যাক্রমণ চলাম, যিটো কোনেও কোনোদিনে দেখা নাই৷’ দেওবাৰে ইৰানৰ সেনা জেনেৰেল কাছিম ছোলেইমানীক শেষ শ্রদ্ধা জ্ঞাপন কৰিবলৈ আহৱাজ চহৰত লাখ লাখ লোকে বৃহৎ সমদল উলিয়ায়৷ তেওঁলোকে আমেৰিকাৰ আক্রমণৰ তীব্র নিন্দা কৰে৷

Comments (0)
Add Comment