আমেৰিকা–ব্রিটেইনত ২৭ লাখে প্রাণ হেৰুৱাব

নিয়মীয়া বার্তা, ১৯ মার্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ ব্রিটেইনত প্রাণ হেৰুৱাব পাৰে ৫ লাখ লোকে৷ সেইদৰে আমেৰিকাত ২২ লাখ লোক এই প্রাণঘাতী ভাইৰাছৰ বলি হ’ব পাৰে৷ শেহতীয়াকৈ ইম্পেৰিয়েল কলেজৰ এক বিশেষজ্ঞৰ দলে এই সতর্কবাণী কৰাৰ লগে লগে ব্রিটেইনত ক’ৰোনা ভাইৰাছ প্রতিৰোধী যুঁজৰ নাটকীয় পৰিৱর্তন ঘটোৱা হৈছে৷ অধ্যাপক নীল ফার্গুছনৰ নেতৃত্বত এই গৱেষকৰ দলে চলোৱা অধ্যয়নত কালি পোহৰলৈ আহিছে এই তথ্য৷ ‘ইম্পেক্ট অৱ নন–ফার্মাছিউটিকেল ইণ্টাৰভেনছন টু ৰিডিউছ ক’ভিড–১৯ মর্টেলিটী এণ্ড হেলথকেয়াৰ ডিমাণ্ড’ শীর্ষক প্রতিবেদনত এই সতর্কবাণী কৰিছে বিশেষজ্ঞৰ দলটোৱে৷

অৱশ্যে তিনিটা পর্যায়ত এই প্রতিবেদনত ভৱিষ্যদ্বাণী কৰা হৈছে৷ এটা পর্যায় হৈছে চৰকাৰে যদি একো নকৰে, তেন্তে ব্রিটেইনত ৫ লাখ ১০ হাজাৰ লোকে প্রাণ হেৰুৱাব, সেইদৰে আমেৰিকাত ২২ লাখ লোকে মৃত্যুক আদৰি ল’ব যদিহে ক’ৰোনা প্রতিৰোধৰ বাবে একো নকৰে৷ দ্বিতীয় পর্যায়টো হৈছে চৰকাৰে যদি প্রতিৰোধী পদক্ষেপ পৰিত্যক্ত অৱস্থাত ৰাখে, তেন্তে ক্ষতিৰ হাৰ যথেষ্ট বৃদ্ধি পাব৷ দ্বিতীয় পর্যায়টোত ব্রিটেইনত আঢ়ৈ লাখ আৰু আমেৰিকাত ১২ লাখ লোকৰ মৃত্যু হোৱাৰ আশংকা আছে৷ তৃতীয় পর্যায়টোত বিদ্যালয় বন্ধ ৰখাৰ উপৰি নাগৰিকসকলে যদি ঘৰৰ ভিতৰতেই আছুতীয়াকৈ সতর্কভাৱে থাকিবলৈ লয় আৰু চৰকাৰে প্রতিৰোধৰ কঠোৰ ব্যৱস্থা গ্রহণ কৰে, তেন্তে দুবছৰৰ ভিতৰত ২০ হাজাৰতকৈ কম লোকে প্রাণ হেৰুৱাব ব্রিটেইনত।

Comments (0)
Add Comment