ইউটিউবত ভিডিঅ’যোগে ক্ষমা প্রার্থনা মহাৰাষ্ট্রৰ যুৱতী মির্জাৰ

‘ফ্রী কাশ্মীৰ’ প্লে কার্ডক লৈ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ দেশৰ সন্মানীয় শিক্ষা প্রতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ত ৫ ডিচেম্বৰৰ নিশা সংঘটিত আক্রমণৰ ঘটনাৰ প্রতিবাদ কৰিবলৈ আহি এগৰাকী যুৱতীয়ে গেটৱে অৱ ইণ্ডিয়াত ‘ফ্রী কাশ্মীৰ’ অর্থাৎ কাশ্মীৰৰ মুক্তিৰ দাবীৰে প্লে কার্ড প্রদর্শন কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ মঙলবাৰে ঘটনাক কেন্দ্র কৰি দেশজুৰি প্রতিক্রিয়া সৃষ্টি হোৱাৰ সময়তে ইউটিউবযোগে যুৱতীগৰাকীয়ে এক ভিডিঅ’ মুকলি কৰি ক্ষমা প্রার্থনা কৰিছে ৷ ৩.২৬ মিনিট দৈর্ঘ্যৰ এই ভিডিঅ’ত মেহাক মির্জা প্রভুৱে উল্লেখ কৰিছে যে বিভিন্ন বিষয় লৈ প্রতিবাদস্থলীত শ্লোগান দিয়া হৈছে ৷ মহাৰাষ্ট্রত জন্মগ্রহণ কৰা মাৰাঠা সম্প্রদায়ৰ যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি জম্মু–কাশ্মীৰত বুনিয়াদী সাংবিধানিক অধিকাৰবোৰ খর্ব কৰা হৈছে ৷ গতিকে ম’বাইল ইণ্টাৰনেট সেৱাকে ধৰি বিভিন্ন সেৱাবোৰ কাশ্মীৰবাসীৰ বাবে মুকলি কৰাটোৱেই এই প্লে কার্ড প্রদর্শনৰ অর্থ আছিল বুলি উল্লেখ কৰে মির্জাই ৷

Comments (0)
Add Comment