ইৰানে ইৰাকস্থিত মার্কিন বিমানঘাটিলৈ লক্ষ্য কৰি নিক্ষেপ কৰিলে একাধিক ক্ষেপণাস্ত্র

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণত নিহত ইৰানৰ শীৰ্ষ সামৰিক বিষয়া জেনেৰেল কাছিম ছুলেইমানিৰ মৃত্যুৰ পিছতে প্ৰত্যাক্ৰমণ কৰি বুধবাৰে মাৰ্কিন আল আছাদ বিমানঘাটিলৈ লক্ষ্য কৰি ইৰানে নিক্ষেপ কৰিলে একাধিক ক্ষেপণাস্ত্র ।

ইৰানৰ অৰ্ধ-চৰকাৰী সংবাদ সংস্থা ফাৰ্ছ নিউজ এজেন্সিয়ে ক্ষেপণাস্ত্রৰ এক ভিডিঅ’ টুইট কৰি লিখিছে যে- “মার্কিনক ইৰানৰ প্রতিশোধমূলক উত্তৰ / আল-আছাদ মার্কিন ঘাঁটিত ইৰানৰ ক্ষেপণাস্ত্র উৎক্ষেপনৰ মুহুর্ত।”

Featured
Comments (0)
Add Comment