উবেৰত দুবছৰত ৬ হাজাৰ যৌন নির্যাতন

টেক্সিত যাত্রীৰ নিৰাপত্তা নাই আমেৰিকাত

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ ২০১৭ আৰু ২০১৮ বর্ষত উবেৰ টেক্সিত প্রায় ৬ হাজাৰ যৌন আতিশয্যৰ ঘটনা সংঘটিত হৈছে আমেৰিকাত । উবেৰ কর্তৃপক্ষই লাভ কৰিছে এই অভিযোগ ৷ উল্লেখনীয় যে ২০১৮ বর্ষটোত উবেৰত যৌন আতিশয্যৰ ঘটনা বৃদ্ধি পাইছে ৷ অৱশ্যে ইয়াৰ হাৰ ১৬ শতাংশ হ্রাস পাইছে বর্ষটোত ৷ কাৰণ বর্ষটোত উবেৰ টেক্সিত যাত্রীৰ ভ্রমণৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ উল্লেখনীয় যে উবেৰে শেহতীয়াকৈ এই তথ্য প্রকাশ কৰি ইয়াৰ যাত্রীসকলৰ নিৰাপত্তাৰ বিষয়টোৰ উন্নতি ঘটাবলৈ সংকল্প গ্রহণ কৰিছে ৷ বিশ্বজুৰি চলি আছে উবেৰ টেক্সি ৷ লক্ষণীয়ভাৱে বিশ্বৰ বিভিন্ন দেশত উবেৰৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে আতিশয্যৰ অভিযোগ ৷ শেহতীয়াকৈ লণ্ডনত উবেৰৰ সেৱা বন্ধ কৰি দিয়া হৈছে ৷ ব্রিটেইনৰ মহানগৰখনত উবেৰে টেক্সি চলোৱাৰ অনুজ্ঞাপত্র হেৰুৱাবলগীয়া হৈছে যাত্রীক প্রয়োজনীয় নিৰাপত্তা প্রদান কৰিব নোৱাৰাৰ বাবে ৷ সংস্থাটোৰ প্রতিবেদন অনুসৰি নিৰাপত্তাৰ বিষয়ক গুৰুত্ব নিদিয়াকৈ বহু দেশত চলি আছে উবেৰ টেক্সি ৷

Featured
Comments (0)
Add Comment