এই বৰ্ষৰ অন্তিমটো ‘মন কি বাত’ত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰে অংশ লয় এই বৰ্ষৰ অন্তিমটো ‘মন কি বাত’ আনুষ্ঠানত । এই অনুষ্ঠানত মোদীয়ে থলুৱা শিল্পীৰ সমর্থন কৰাৰ বাবে স্থানীয় পণ্য কিনাৰ ওপৰত জোৰ দিয়ে । লগতে দক্ষতা উন্নয়ন আৰু কর্মসংস্থানৰ লগত জড়িত হিমায়াত প্র’গ্রেমৰ বিষয়ে উদাহৰণ দিয়ে ।

ইপিনে মাহেকীয়া ৰেডিঅ অনুষ্ঠান ‘মন কি বাত’ৰ ভাষণ প্ৰসংগত তেওঁ কয় যে- প্ৰিয় দেশবাসী, ২০২২ ত আমি স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ শুভক্ষণত থলুৱা শিল্পীক সমর্থন কৰি স্থানীয় পণ্য কিনাৰ ওপৰত জোৰ দিয়াটো প্ৰয়োজন । যাতে দুই বা তিনি বছৰলৈ আমাৰ স্থানীয় উৎপাদন স্থিৰ হৈ থাকে । সেই উদ্দ্যেশ্য আগত লৈ সকলোকে স্থানীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে। যিটো স্বতন্ত্ৰ ভাৰতৰ এটা সুন্দৰ ক্ষণ ৰূপে বিবেচিত হ’ব ।

তেওঁ লগতে কয় যে- “প্রিয় দেশবাসী, আপুনি জানি আনন্দিত হ’ব যে এই কর্মসূচিৰ আওতাত যোৱা দুবছৰে ১৮,০০০ যুৱকক ৭৭ টা বিভিন্ন ব্যৱসায়ৰ ওপৰত প্রশিক্ষণ দিয়া হৈছে। ইয়াৰ ভিতৰত ৫০০০ লোকে বহু ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে । ‘হিমায়াত প্র’গ্রেম’-ৰ আওতাত এনে পৰিৱর্তিত জীৱনৰ সাফল্যই সঁচাকৈয়ে হৃদয় চুই যায় ।”

আনহাতে তেওঁ এই কর্মসূচীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ যুৱকসকলক আত্মবিশ্বাস দিছে আৰু জীৱন পথত আগুৱাই যোৱাৰ পথ দেখুৱাইছে বুলিও মন্তব্য কৰে।

অনুষ্ঠানৰ শেষত প্ৰধানমন্ত্ৰী মোদীয়ে শ্রোতাসকলক নববর্ষৰ শুভেচ্ছা জ্ঞাপন কৰি ২০২০ ত পুনৰ লগ পোৱাৰ কথা দোহাৰে ।

FeaturedPM MODI
Comments (0)
Add Comment