এটা পিজ্জাৰ মূল্য ৯৫ হাজাৰ টকা!

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ পিজ্জা হয়তো আজি কালি সকলোৰে প্ৰিয়।এটা পিজ্জাৰ মূল্য কিমান হ’ব পাৰে ১০০ বা ২০০ টকা। কিন্তু শুনিলে আচৰিত হ’ব এটা পিজ্জাৰ মূল্য ৯৫ হাজাৰ টকা! শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহিছে। দৰাচলতে যোৱা ১ ডিচেম্বৰ তাৰিখে বেংগালুৰুত এজন যুৱকে অনলাইন ফুড ডেলিভাৰী এপৰ পৰা পিজ্জাৰ অৰ্ডাৰ কৰিছিল। সময় বাগৰিল কিন্তু পিজ্জা হে নাহিল। যুৱকজনে পিজ্জাৰ বিচাৰি গ্ৰাহক সেৱা কেন্দ্ৰলৈ ফোন কৰিলে, সিফালৰ পৰা কলে আমি দুখিত পিজ্জা হে আপোনাৰ ঘৰলৈ পঠাব নোৱাৰিম, কিন্তু আপোনাৰ টকা আপোনাক ওভতাই দিয়া হ’ব। এই সম্পৰ্কে যুৱক জনে স্থানীয় সংবাদ কৰ্মীক কয় যে “যেতিয়া মই সিহঁতক ফোন কৰো, তেতিয়া গ্ৰাহক সেৱা কেন্দ্ৰই কয় যে পিজ্জা পঠাব নোৱাৰো। কিন্তু আপোনাৰ মবাইলত এটা লিংক পঠাইছো, যত গোটেই আপোনাৰ বিৱৰণ দিয়ক তেতিয়া আপোনাৰ টকা উভতাই দিম। মই তেতিয়া সেই লিংকত ক্লিক কৰিলো মোৰ বেংক একাউণ্টৰ পৰা ৪৫ হাজাৰ টকা কাটি দিয়ে আৰু অলপ সময়ৰ পিছত আকৌ মোৰ একাউণ্টৰ পৰা ৫০ হাজাৰ টকা কাটি দিলে। ”
ইয়াৰ পিছত যুৱক জনে স্থানীয় আৰক্ষীক এই সম্পৰ্কে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এই সম্বন্ধে তদন্ত অব্যাহত ৰাখিছে।

Featured
Comments (0)
Add Comment