এনকাউণ্টাৰত মৃত্যু ৩ হিজবুল মুজাহিদীনৰ সদস্য

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সোমবাৰে জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয় ৩ দুৰ্ধৰ্ষ হিজবুল মুজাহিদীনৰ সদস্য । ইয়াৰে এজন উচ্চ পৰ্যায়ৰ কেডাৰ আৰু আন দুজন হৈছে মুজাহিদীনৰ সদস্য ।

জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলৱাগ সিঙে জনোৱা অনুসৰি ৱাছিম আহমেদ ৱানি নামৰ এইজন হৈছে হিজবুল মুজাহিদীনৰ শীৰ্ষ পৰ্যায়ৰ নেতা । তেওঁৰ বিৰুদ্ধে ১৯ খন এজাহাৰ থকাৰ লগতে বহু হত্যাৰ লগতো জড়িত আছিল ৱাছিম আহমেদ ৱানি । আনহাতে দ্বিতীয় আৰু তৃতীয়জন সদস্য হৈছে আদিল শ্বেখ আৰু জাহাংগীৰ ।

Featured
Comments (0)
Add Comment