এনচিপিৰ অজিত পাৱাৰক ধন্যবাদ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছৰ

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাচতেই বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাৱিছে ধন্যবাদ জনালে এনচিপিৰ বিধায়ক তথা উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰা অজিত পাৱাৰক । স্থায়ী চৰকাৰ গঠনৰ ক্ষেত্ৰত অজিত পাৱাৰৰ অৱদানৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে । দ্বিতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শনিবাৰে পুৱাই ৰাজভৱনত শপত গ্ৰহণ কৰে দেৱেন্দ্ৰ ফাড়নাৱিছে । দেৱেন্দ্ৰ ফাড়নাৱিছৰ লগতে উ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে এনচিপি দলৰ বিধায়ক অজিত পাৱাৰে ।

উল্লেখ্য যে, শুকুৰবাৰে এনচিপি, শিৱসেনা আৰু কংগ্ৰেছৰ মাজত হোৱা বৈঠকৰ অন্তত উদ্ধৱ থাকৰেক মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰিছিল দলকেইটাই । এই বৈঠকৰ ১২ ঘণ্টা পাৰ নৌহওঁতেই শনিবাৰে পুৱাই মহাৰাষ্ট্ৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ খবৰটো লৈ এতিয়া চৰ্চা অব্যাহত আছে ৰাজনৈতিক মহলত । মহাৰাষ্ট্ৰৰ জনগণে খিচিৰি চৰকাৰৰ পৰিৱৰ্তে এখন স্থায়ী চৰকাৰৰ কামনা কৰিছিল বুলিও শপতগ্ৰহণ পাচত উল্লেখ কৰে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে ।

Featured