এবছৰত ৯৮০০ বাৰ উৰণত বিলম্ব

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ দেশৰ ৰাজহুৱা খণ্ডৰ বিমান প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াৰ যোৱাটো বিত্তীয় বৰ্ষত ৯,৮০০ বাৰ উৰণত বিলম্ব হৈছে। এয়াৰ ইণ্ডিয়াত যাত্ৰা কৰা যাত্ৰীসকলৰ জ্ঞাত যে ২০১৮-১৯ ত এয়াৰ ইণ্ডিয়াৰ বিমান ১ ঘণ্টা বা তাতকৈ বেছি বিলম্ব হৈছে।

এয়াৰ ইণ্ডিয়াৰ বিমানৰ উৰণত বিলম্ব হোৱা বাবে চৰকাৰে ১০২ কোটি টকা লোকচানৰ সন্মুখীন হ’ব। এয়াৰ ইণ্ডিয়াৰ উৰণৰ যেতিয়া যেতিয়া বিলম্ব হৈছে তেতিয়াই লোকচানৰ সন্মুখীন হৈছে। বিমানৰ উৰণত বিলম্ব হোৱাৰ বাবে এয়াৰ ইণ্ডিয়াই যাত্ৰী সকলৰ থকা, খোৱা আৰু অন্যান্য সামগ্ৰীৰ বাবদ ১০২ কোটি টকা খৰচ হৈছে। এয়াৰ ইণ্ডিয়াৰ বিমানৰ লোকচানৰ বিষয়ে বুধবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় নাগৰিক উৰণ মন্ত্ৰী হৰদ্বীপ সিঙ পুৰীয়ে ৰাজ্যসভাত জানিবলৈ দিয়ে।

Featured