এলাহাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসহ পঞ্জীয়ক আৰু জনসম্পৰ্কৰক্ষী বিষয়াৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান এলাহাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰতনলাল হাঙ্গলুৱে বৃহস্পতিবাৰে নিজৰ পদবীৰ পৰা পদত্যাগ কৰে । বহুদিন ধৰি উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ অহাৰ পিচতে এই সিদ্ধান্ত হাঙ্গলুৰ ।

উল্লেখ্য যে, ৰতনলাল হাঙ্গলু সহিতে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক আৰু জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে নিজ নিজ পদৰ পৰা পদত্যাগ কৰে । ২০১৫ বৰ্ষৰ ৩০ ডিচেম্বৰৰ পৰা ৰতনলাল হাঙ্গলুৱে এলাহাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে কাৰ্যনিবাহ কৰি আছিল ।

Comments (0)
Add Comment