ঐতিহাসিক বিজয়েৰে তৃতীয়বাৰলৈ ১৬ ফেব্ৰুৱাৰীত শপত ল’ব কেজৰিৱালে

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ বিজেপিৰ সকলো চেষ্টাক বিফল কৰি প্ৰত্যাশিতভাৱে পুনৰ ৰাজধানী দিল্লী দখল কৰিলে কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে ।

দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৭০ খন আসনৰ ভিতৰত ৬২ খন আসন লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ।

অহা ১৬ ফেব্ৰুৱাৰী তাৰিখে দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব অৰবিন্দ কেজৰিৱালে ।

উল্লেখ্য যে ২০১৫ চনতকৈ ৫ আসন অধিক লাভ কৰা বিজেপিয়ে এইবাৰো দিল্লীৰ পৰা আপৰাজ উৎখাত কৰিব নোৱাৰিলে । তাৎপৰ্যপূৰ্ণভাৱে শতিকা পুৰণি কংগ্ৰেছ দলে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল ।

Featured
Comments (0)
Add Comment