ক’ভিড আতংক! ভাৰতসহ ১৬ দেশৰে যাতায়াত নিষিদ্ধ ছৌদিৰ

নিয়মীয়া বাৰ্তা, ২৪ মে : ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ চতুর্থ জোৱাৰ আৰম্ভ হোৱা নাই যদিও মহামাৰী প্রতিৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে ছৌদি আৰবে৷ লক্ষণীয়ভাৱে ছৌদি আৰবত শেহতীয়াকৈ ক’ভিড মহামাৰীৰ কেইবাটাও নতুন প্রকৰণৰ উপস্থিতি ধৰা পৰিছে৷ এনে পৰিস্থিতিত দেশখনৰ জনসাধাৰণ মহামাৰীৰ সংক্রমণৰ চতুর্থ জোৱাৰৰ পৰা ৰক্ষা পৰিবলৈ ছৌদি আৰবে ভাৰতসহ ১৬খন দেশৰ সৈতে যাতায়াত নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ অর্থাৎ এই ১৬খন দেশ ভ্রমণ কৰিব নোৱাৰিব ছৌদি নাগৰিকসকলে৷ এক বিবৃতিত ছৌদি আৰবৰ স্বাস্থ্য মন্ত্রালয়ে উল্লেখ কৰা অনুসৰি ভাৰত, চিৰিয়া, তুৰস্ক, লেবানন, ইৰান, আফগানিস্তান, য়েমেন, ইথি’পিয়া, আর্মেনিয়া, বেলাৰুছ, ভিয়েটনাম আৰু ভেনিজুৱেলাৰ সৈতে যাতায়াত নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷