ক’ভিড-১৯ আক্ৰান্ত মহিলাই জন্ম দিলে পুত্ৰ সন্তান

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ নতুন দিল্লীৰ এইমছত ক’ভিড-১৯ আক্ৰান্ত এগৰাকী মহিলাই পুত্ৰ সন্তান জন্ম দিয়াৰ বাতৰিয়ে দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে। ক’ ৰোণা ভাইৰাছে বিশ্বজুৰি সংহাৰী ৰূপ লোৱাৰ সময়তে প্ৰথমবাৰৰ বাবে ক’ভিড-১৯ত আক্ৰান্ত মহিলাই সন্তান প্ৰসৱ কৰা ঘটনাটোৱে চিকিৎসা বিজ্ঞানীৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে কিয়নো সন্তান জন্ম দিয়াৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে। কিয়নো সন্তান জন্ম দিয়াৰ পাছত মাতৃ আৰু পুত্ৰ সম্পূৰ্ণ নিৰাপদে আছে। অৰ্থাৎ ক’ভিড-১৯ৰ প্ৰভাৱ নৱজাতকৰ ওপৰত পৰা নাই। মন কৰিবলগীয়া যে এইমছৰ ফিজিঅ’লজী বিভাগৰ চিকিৎসক তথা স্বামী ক’ৰোণা যুঁজত অংশ লৈ থাকোতো চিকিৎসকজনে ক’ভিড-১৯ত আক্ৰান্ত হৈছিল। ইয়াৰ পাছতে তেওঁৰ গৰ্ভৱতী পত্নীও উক্ত ভাইৰাছত আক্ৰান্ত হৈছিল। এই ঘটনাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ স্বাস্থ্যক লৈ শংকা প্ৰকাশ কৰা হৈছিল যদিও অৱশেষত সন্তান জন্ম দিয়া মহিলাগৰাকী সুস্থ হৈ থকা বাতৰিয়ে আশাৰ সঞ্চাৰ কৰিছে।

Comments (0)
Add Comment