কাইলৈ সূৰ্যগ্ৰহণৰ বাবে বন্ধ থাকিব অফিছ-কাছাৰীৰ লগতে স্কুল-কলেজ

নিউজডেস্ক, ২৫ ডিচেম্বৰঃ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ আকাশত ২৬ ডিচেম্বৰত পৰিলক্ষিত হ’ব চলিত বৰ্ষৰ অন্তিমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ । অসমৰ উপৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত পৰিলক্ষিত হ’ব এই সম্পূর্ণ বলয়গ্রাস সূর্যগ্রহণ ৷

ইপিনে বৃহস্পতিবাৰৰ দিনটোত ওড়িশা চৰকাৰে সূর্যগ্রহণৰ বাবে ৰাজ্য চৰকাৰৰ অন্তৰ্গত সকলো অফিছ-কাছাৰী, আদালত, স্কুল-কলেজ ছুটি ঘোষণা কৰিছে ।

লগতে সূৰ্যগ্ৰহণৰ সময়খিনিত পুৰিৰ জগন্নাথ মন্দিৰৰ ভিতৰত বিশেষ পূজা অনুষ্ঠিত কৰাৰ বাবে সেই সময়ছোৱাত দৰ্শনাৰ্থীৰ বাবে মন্দিৰ দৰ্শন বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ।

আনহাতে অসমতো বলয়গ্রাস সূর্যগ্রহণৰ বাবে ২৬ ডিচেম্বৰত দিনৰ ১২.৩০ বজাতহে খোলা হ’ব কামাখ্যা দেৱালয়ৰ মুখ্য দ্বাৰ ৷

তাৰকাগৃহৰ কৰ্তৃপক্ষৰ মতে এই বলয়গ্রাস সূর্যগ্রহণ ২৬ ডিচেম্বৰৰ দিনা পুৱা ৮.২০ বজাত আৰম্ভ হৈ দিনৰ ১১.২৯ বজাত অন্ত পৰিব ৷

Comments (0)
Add Comment