কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্থল-বায়ু-নৌ সেনাই চলাব যৌথ অভিযান

নিউজডেস্ক, ২৫ নৱেম্বৰঃ কাশ্মীৰত সন্ত্ৰাসবাদ নিষ্পত্তি কৰাৰ বাবে ভাৰতীয় সেনাই এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । যাৰ বাবে কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবিৰোধী অভিযানৰ বাবে স্থল-নৌ আৰু বায়ু সেনাক মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে । তিনি বিশেষ বাহিনী ক্ৰমে সোনাৰ পেৰা, নৌসেনাৰ মেৰাইন কামাণ্ডো আৰু বায়ুসেনাৰ গাৰ্ডছ স্পেচিয়েল ফ’ৰ্চক কাশ্মীৰ উপত্যকাত মোতায়েন কৰিব । উল্লেখ্য যে এই তথ্য প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আৰ্মড ফ’ৰ্চেছ স্পেচিয়েল অপাৰেচন ডিভিজনৰ সূত্ৰত প্ৰকাশ পাইছে ।

Featured