কাশ্মীৰ বিশ্ববিদ্যালয় প্ৰৱেশদ্বাৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ কাশ্মীৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে আজি গ্ৰেণেড আক্ৰমণ কৰে। এই আক্ৰমণত দুজন স্থানীয় লোক আহত হয়। নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসবাদীক বিচাৰ কৰি জোৰদাৰ আন্দোলন কৰিছে। স্থানীয় আৰক্ষীৰ মতে গ্ৰেণেড আক্ৰমণ হয় নে নহয় তাৰ ওপৰত অনুসন্ধান অব্যাহত আছে।
উল্লেখ্য যে যোৱা ৪ নৱেম্বৰত শ্ৰী নগৰৰ চহৰত জনবহুল এলেকাত সন্ত্ৰাসবাদীয়ে গ্ৰেণেডেৰে আক্ৰমণ কৰিছিল। এই আক্ৰমণত এজন যুৱকৰ মৃত্যু হৈছিল আৰু ৩৮ লোক আহত হৈছিল।

Featured