‘কা’ সন্দর্ভত মুখ খুলিলে বাংলাদেশৰ প্রধানমন্ত্রীয়ে, ক’লে এনেদৰে…

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ভাৰতত নৰেন্দ্র মোদী চৰকাৰে বলৱৎ কৰা নাগৰিকত্ব সংশোধনী আইনৰ ফলত বাংলাদেশতেই সর্বাধিক প্রভাৱ পৰিব বুলি আলোচিত হ’লেও ইমানদিনে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাছিল দেশখনৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই৷

অৱশেষত নাগৰিকত্ব সংশোধনী আইন সন্দর্ভত মুখ খুলিলে বাংলাদেশৰ প্রধানমন্ত্রীগৰাকীয়ে৷

আবুধাবিত গাল্ফ নিউজৰ স’তে হোৱা এক সাক্ষাৎকাৰত হাছিনাই সতর্ক মন্তব্য কৰিলেও ‘কা’ সন্দর্ভত তেওঁৰ ক্ষোভ স্পষ্ট ৰূপত প্রতিফলিত হয়৷

তেওঁ সাংবাদিকৰ আগত কয় যে ‘কা’ ভাৰতৰ আভ্যন্তৰীণ বিষয়, কিন্তু এই আইনৰ প্রয়োজন নাছিল৷ ভাৰতত থকা বাংলাদেশৰ নাগৰিকসকল পুনৰ ঘূৰি যোৱাৰ বিষয়টোও নস্যাৎ কৰিলে আৱামী লীগৰ শীর্ষ নেত্রীগৰাকীয়ে৷ শ্বেখ হাছিনাই কয়– ‘আমি বুজিব পৰা নাই ভাৰত চৰকাৰে কিয় নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিলে৷ ইয়াৰ কোনো প্রয়োজন নাছিল৷’

প্রধানমন্ত্রীগৰাকীয়ে আৰু কয়– যোৱা বছৰ অক্টোবৰ মাহত নতুন দিল্লী ভ্রমণৰ সময়ত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আমাক আশ্বস্ত কৰিছিল যে এইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয়৷

উল্লেখ্য যে কিছুদিন আগতে বাংলাদেশ সীমান্তৰক্ষী বাহিনী বি জি বিৰ সঞ্চালকপ্রধানে দিল্লীত এখন সংবাদ মেলত জনাইছিল যে ২০১৯ চনত ভাৰত–বাংলাদেশ সীমান্তত ৩০০জন বাংলাদেশী নাগৰিক ধৰা পৰিছিল৷ অসমত এন আৰ চিৰ চূড়ান্ত তালিকা প্রকাশ কৰাৰ পাছত সম্প্রতি ‘কা’ বলৱৎ হোৱাৰ ফলত ভাৰতলৈ বাংলাদেশৰ পৰা অহা লোকসকল দলে দলে ঘূৰি যোৱা বুলি সংবাদ মাধ্যমতো প্রকাশ পাই আহিছে৷ সীমান্তত ধৰা পৰা লোকসকল বাংলাদেশৰ নাগৰিক আৰু তেওঁলোক বিভিন্ন কামৰ সন্ধানত ভাৰতলৈ অহা বুলি দেশখনৰ সেনাই নিশ্চিত কৰিছিল৷ এই বিষয় সন্দর্ভত সাংবাদিকে কৰা প্রশ্নৰ উত্তৰত বি জি বিৰ তথ্য কার্যতঃ অস্বীকাৰ কৰি হাছিনাই ভাৰতৰ পৰা বাংলাদেশী নাগৰিক ঘূৰি অহাৰ কোনো নজিৰ নাই বুলি মন্তব্য কৰে৷

বাংলাদেশত ১ কোটি ৬০ লাখ হিন্দু লোক থকাৰ তথ্য উল্লেখ কৰি শ্বেখ হাছিনাই ধর্মীয় নির্যাতনৰ বলি হৈ দেশখনৰ পৰা ভাৰতলৈ কোনো লোক যোৱাৰ বিষয়টো অস্বীকাৰ কৰে৷ কালি প্রকাশিত গাল্ফ নিউজৰ সাক্ষাৎকাৰটোত বাংলাদেশৰ প্রধানমন্ত্রীগৰাকীয়ে ৰহিংগ্যা সমস্যা সন্দর্ভতো মন্তব্য প্রকাশ কৰি কয় যে যিহেতু এই বিষয়টো ম্যানমাৰত আৰম্ভ হৈছে, তেওঁলোকেই সমস্যা সমাধান কৰিব৷

Comments (0)
Add Comment