‘কা’ ৰ বিৰোধ কৰাটোৱে কাল হ’ল নেকি ! গণৰাজ্য দিৱসত স্থান নাপালে পশ্চিমবংগই

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ নাগৰিকত্ব (সংশোধনী) আইন–২০১৯ বা ‘কা’ক কেন্দ্র কৰি কেন্দ্রীয় চৰকাৰ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ মাজত মতানৈক্য তুংগত উঠা সময়তে আগন্তুক গণৰাজ্য দিৱসৰ কুচকাৱাজত ৰাজ্যখনৰ প্রস্তাৱিত প্রতীক পট বাতিল কৰা ঘটনাক লৈ তীব্র ক্ষোভ উজাৰিছে মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷

উল্লেখনীয় যে ২৬ জানুৱাৰীৰ এই গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বাবে পশ্চিমবংগ চৰকাৰে তিনিটা প্রতীক পটৰ প্রস্তাৱ আগবঢ়াইছিল৷ এই তিনিটা প্রতীক পট আছিল ‘কন্যাশ্রী’, ‘ছেভ গ্রীন, ষ্টে ক্লীন’ আৰু ‘জল ধৰো জল ভৰো’৷

লক্ষণীয়ভাৱে বিশেষজ্ঞ কমিটীয়ে পশ্চিমবংগ চৰকাৰৰ এই প্রস্তাৱিত প্রতীক পট সন্দর্ভত আপত্তি দর্শোৱাৰ পাছতে তিনিওটা প্রতীক পট অগ্রাহ্য কৰিছে কেন্দ্রীয় চৰকাৰে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ পৰা এক বিবৃতিযোগে এই কথা সদৰী কৰাৰ পাছতে মমতা বেনার্জীয়ে তীব্র ক্ষোভ উজাৰিছে৷

স্মর্তব্য যে প্রস্তাৱিত তিনিওটা প্রতীক পট পশ্চিমবংগ চৰকাৰৰ পূর্বেই কেন্দ্রীয় চৰকাৰৰ আছে বুলি যুক্তি দর্শাইছে বিশেষজ্ঞ কমিটীয়ে৷ কিন্তু মমতা বেনার্জীয়ে কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্ত পশ্চিমবংগৰ জনসাধাৰণৰ বাবে অপমান আখ্যা দিছে৷ এই ঘটনাক কেন্দ্র কৰি এতিয়া কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিষয়ববীয়াসকলৰ মাজতো সৃষ্টি হৈছে মতানৈক্য৷ মমতা বেনার্জী চৰকাৰে কেন্দ্রৰ সিদ্ধান্তক পশ্চিমবংগৰ জনসাধাৰণৰ বাবে অপমান আখ্যা দিয়াৰ উপৰি এয়া এক প্রতিহিংসা পূৰণৰ পন্থা বুলিও অভিহিত কৰিছে৷

Featuredগণৰাজ্য দিৱস
Comments (0)
Add Comment