কৃষকসকলে ১০ টকাতে পাব এসাঁজ আহাৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খাট্টাৰে অতিশীঘ্রে কৃষকলৈ ১০ টকাতে খাদ্য যোগান ধৰাৰ এক আঁচনি মুকলি কৰিব ৷ উৎপাদিত ফচলৰ বজাৰত কৃষকে ১০ টকাৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ’ব এসাঁজ আহাৰ ৷ উল্লেখনীয় যে একেই ব্যৱস্থা বলৱৎ হ’ব চেনিকলসমূহতো ৷ ৰোহটকৰ কানাল জিৰণি গৃহত একাংশ দলীয় নেতা তথা কর্মীৰ আগত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে ৷ এই আঁচনি মুকলি হোৱাৰ পাছত কৃষকসকলে দূৰ–দূৰণিলৈ খাদ্যৰ বাবে যাত্রা কৰিবলগীয়া নহ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে ৷ কৃষক আৰু শ্রমিকসকলৰ বাবে বিভিন্ন অভিলাষী আঁচনিৰ কথা চিন্তা কৰি থকা হৈছে বুলিও মুখ্যমন্ত্রী খাট্টাৰে ঘোষণা কৰে ৷

Comments (0)
Add Comment