কেজেদএফৰ ৯ সন্ত্রাসবাদীৰ বিৰুদ্ধে নিয়াৰ আদালতত চার্জশ্বীট

পঞ্জাবত ড্রোনেৰে অস্ত্র প্রেৰণৰ গোচৰ

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ পঞ্জাবত ড্রোনেৰে অস্ত্র, বিস্ফোৰক আৰু নকল ভাৰতীয় নোট পেলোৱা গোচৰত ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই খালিস্তান জিন্দাবাদ ফ’চ (কেজেদএফ)ৰ ৯টা সন্ত্রাসবাদীৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰিছে৷ ম’হালিস্থিত নিয়াৰ বিশেষ আদালতত কালি এই চার্জশ্বীট দাখিল কৰা হৈছে৷ উল্লেখনীয় যে গোচৰটো প্রথম ৰুজু কৰা হৈছিল পঞ্জাব আৰক্ষীৰ বিশেষ শাখাৰ ওচৰত৷ পৰৱর্তী সময়ত ইয়াৰ তদন্তৰ দায়িত্ব লাভ কৰে নিয়াই৷ তদন্তকাৰী সংস্থাটোৱে চার্জশ্বীট দাখিলৰ সময়ত কেজেদএফৰ আকাশদীপ সিং, বলৱন্ত সিং, হৰভজন সিং, বলবীৰ সিং, মান সিং, গুৰদেৱ সিং, শুভদীপ সিং, ছাজনপ্রীত সিং আৰু ৰমনদীপ সিং এই কার্যত জড়িত থকা বুলি অভিযোগ কৰিছে৷ পাকিস্তানস্থিত কেজেদএফৰ মুৰব্বী ৰঞ্জিত সিং ওৰফে নীতাই ড্রোনেৰে ভাৰতলৈ এই অস্ত্র তথা বিস্ফোৰকবোৰ প্রেৰণ কৰিছিল৷ এইক্ষেত্রত গুৰমিত সিঙৰ সৈতে যোগাযোগ কৰিছিল সন্ত্রাসবাদী নীতাই৷ উল্লেখনীয় যে ভাৰতত থকা কেজেদএফৰ সদস্য আকাশদীপ, বলৱন্ত, হৰভজন, বলবীৰ আৰু শুভদীপে এই অস্ত্র তথা বিস্ফোৰক লাভ কৰিছিল৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র দেশত সৃষ্টি হৈছিল চাঞ্চল্য৷

Comments (0)
Add Comment