কেজৰিৱালক অভিনন্দন প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ ফলাফলত আম আদমী পার্টীয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ কাৰণে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক অভিনন্দন জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

টুইটযোগে প্রধানমন্ত্রী মোদীয়ে কেজৰিৱালক অভিনন্দন জনাই কয় যে দিল্লীবাসীৰ আকাংক্ষাক পূর্ণ কৰিবলৈ আপ চৰকাৰে শ্রেষ্ঠত্ব উজাৰি দিব৷ ইপিনে, প্রধানমন্ত্রী মোদীৰ অভিনন্দনক ধন্যবাদ জনাই আপৰ মুৰব্বী তথা মুখ্যমন্ত্রী কেজৰিৱালে টুইটত কয়– ‘বহুত ধন্যবাদ মহাশয়, বিশ্বৰ এখন প্রকৃত উন্নত চহৰ হিচাপে দেশৰ ৰাজধানীক বিকশিত কৰাৰ বাবে কেন্দ্রৰ সৈতে নিকট সম্পর্কৰে কাম কৰাৰ বাবে আগ্রহী হৈ আছোঁ৷’

Comments (0)
Add Comment