কেনেকৈ পূৰ্বেই মার্কিন চোৰাংচোৱা সংস্থাই লাভ কৰিছিল মিছাইল আক্রমণৰ খবৰ ?

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে আমেৰিকা আৰু ইৰানৰ সংঘাত । ইৰান সেনাৰ মুৰব্বী জেনেৰেল কাছিম ছুলেইমানিৰ হত্যাৰ প্ৰতিশোধ ৰূপে বুধবাৰে ইৰানে ইৰাকস্থিত আমেৰিকাৰ বৃহত্তম সেনা ঘাটিত মিছাইল আক্ৰমণ চলায় ।

ইপিনে ইৰানী সংবাদ মাধ্যমে দাবী কৰিছে যে ইৰাকস্থিত এই আল আছাদ মাৰ্কিন সেনা ঘাটিত আমেৰিকাৰ ৮০ জন সেনা নিহত হৈছে । অৱশ্যে এই পৰ্যন্ত কোনো এজন মাৰ্কিন সেনা নিহত হোৱাৰ খবৰ লাভ কৰা হোৱা নাই ।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সকলো সৈনিক সুৰক্ষিত অৱস্থাতে আছে বুলি মন্তব্য কৰিছে ।

উল্লেখ্য যে আমেৰিকান সংবাদ মাধ্যমৰ মতে ইৰানে সেনা ঘাটিত কৰা এই আক্ৰমণৰ খবৰ মাৰ্কিন সেনাই আগতেই লাভ কৰিছিল ।

দৰাচলতে ইৰাকৰ পৰা ১১ হাজাৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত আমেৰিকান ৰাষ্ট্ৰীয় সুৰক্ষা এজেন্সি (NSA)-এ মিছাইলৰ ঠিকনা লাভ কৰিছিল ।

উল্লেখ্য যে এন এছ এ নামৰ এই আমেৰিকান এজেঞ্চিটোৱে চোৰাংচোৱা সৰঞ্জাম, ড্ৰোণ আৰু উপগ্রহৰ সহায়ত শত্রুৰ ওপৰত দৃষ্টি ৰাখে। এই এন এছ এৰ দ্বাৰাই ইৰাকত সংঘটিত আক্ৰমণৰ খবৰ লাভ কৰিছিল মাৰ্কিন সেনাই।

Featuredইৰান-আমেৰিকা
Comments (0)
Add Comment