কেন্দ্রীয় বিদ্যালয়ত নামভর্তিঃ সাংসদৰ কোটাৰ বিলুপ্তি ক’ভিডত অনাথৰ বাবে নামভর্তিৰ সুযোগ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ কেন্দ্রীয় বিদ্যালয় সংগঠনে শৈক্ষিক বর্ষ ২০২২–২৩ৰ বাবে নামভর্তিত নতুন সংশোধিত নিয়মাৱলী ঘোষণা কৰিছে৷ সংশোধিত নিয়মাৱলী অনুসৰি ২০২২–২৩ শৈক্ষিক বর্ষত নাথাকিব সাংসদৰ কোটা৷ অর্থাৎ সাংসদৰ বাবে সংৰক্ষিত আসন শৈক্ষিক বর্ষটোৰ পৰা বিলুপ্তি ঘটিব৷ নতুন নিয়মাৱলী অনুসৰি ক’ভিড–১৯ মহামাৰীত পিতৃ–মাতৃক হেৰুৱাই অনাথ হোৱা শিশুক নামভর্তিৰ সুযোগ দিয়া হ’ব৷ পি এম কেয়ার্ছ শিশু আঁচনিৰ অধীনত শ্রেণীৰ সক্ষমতা অনুসৰি ক’ভিড–১৯ৰ অনাথ শিশুক শ্রেণীত নামভর্তি কৰা হ’ব৷ জিলা দণ্ডাধীশৰ দ্বাৰা ক’ভিড–১৯ত অনাথ হোৱা শিশুৰ তালিকাৰ আধাৰত এই নামভর্তি প্রক্রিয়া চলিব৷ প্রতিখন জিলাৰ প্রতিখন কেন্দ্রীয় বিদ্যালয়ত ১০জন এনে শিশুক নামভর্তিৰ বাবে বিবেচনা কৰা হ’ব৷ এটা শ্রেণীত সর্বাধিক দুজন এনে শিশুক নামভর্তিৰ বাবে বিবেচনা কৰা হ’ব৷ এই শিশুসকলক প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ বিদ্যালয়ৰ সকলো মাচুলৰ পৰা ৰেহাই দিয়া হ’ব৷ বাকী নামভর্তিৰ ক্ষেত্রত শ্রেণীৰ ক্ষমতা অনুসৰি নামভর্তি কৰা হ’ব৷

সশস্ত্র বাহিনীৰ স্থল–বায়ু–নৌ আৰু উপকূলৰক্ষীৰ প্রতিটো শিক্ষা সঞ্চালকালয়ে নির্ধাৰিত অঞ্চলত থকা কেন্দ্রীয় বিদ্যালয়ত প্রতিটো শৈক্ষিক বর্ষত নামভর্তিৰ বাবে সর্বাধিক ৬জনৰ নাম অনুমোদন জনাব পাৰিব৷ অৱশ্যে দশম আৰু দ্বাদশ শ্রেণীত এই সুযোগ নাথাকিব৷ ঠিক তেনেদৰে কেন্দ্রীয় বিশ্ববিদ্যালয় সংগঠনৰ কর্মচাৰীৰ সন্তানে শ্রেণীৰ সক্ষমতা/বদলিৰ বর্ষ/নিযুক্তি আদিত বছৰৰ যিকোনো মুহূর্ততে নামভর্তিৰ সুযোগ পাব৷ কেভিএছৰ কর্মচাৰী বিশেষকৈ কেন্দ্রীয় বিদ্যালয়, মাণ্ডলিক কার্যালয়, জেআইইটি আৰু কেভিএছৰ মুখ্য কার্যালয়ৰ কর্মচাৰীৰ সন্তানৰ ক্ষেত্রত এই নিয়মাৱলী প্রযোজ্য হ’ব৷ অৱশ্যে নৱম শ্রেণীত নামভর্তিৰ বাবে নাভর্তি পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ অৱসৰপ্রাপ্ত কর্মচাৰীৰ ক্ষেত্রত এনে নামভর্তিৰ সুবিধা নাথাকিব৷

আনপিনে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী বিশেষকৈ সেনাবাহিনীৰ পৰমবীৰ চক্র, মহাবীৰ চক্র, বীৰ চক্র, অশোক চক্র, কীর্তি চক্র, শৌর্য চক্র, সেনা মেডেল (স্থল), নৌসেনা মেডেল, বায়ুসেনা মেডেলপ্রাপ্তৰ যিসকলে যুদ্ধত প্রাণ হেৰুৱায়, তেনে পদকপ্রাপ্ত সেনাৰ সন্তানে নামভর্তিৰ সুযোগ পাব৷ ৰাষ্ট্রপতিৰ আৰক্ষী পদক (সাহসিকতা)প্রাপ্ত, দক্ষ খেলুৱৈয়ে নামভর্তিত সুযোগ লাভ কৰিব৷ কেন্দ্রীয় চৰকাৰৰ দ্বাৰা আয়োজিত এছজিএফআই/ চিবিএছই/ৰাষ্ট্রীয়/ ৰাজ্যিক পর্যায়ৰ প্রথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত খেলুৱৈয়ে বিদ্যালয়ত নামভর্তিৰ সুযোগ পাব৷ স্কাউট এণ্ড গাইডছৰ ৰাষ্ট্রপতি পুৰস্কাৰপ্রাপ্ত শিশুৱেও কেন্দ্রীয় বিদ্যালয়ত নামভর্তিৰ সুযোগ পাব৷ ইপিনে একক কন্যা সন্তানে প্রথম শ্রেণীৰ পৰা ষষ্ঠ শ্রেণীলৈ নামভর্তিৰ সুযোগ পাব৷ এইক্ষেত্রত প্রথম শ্রেণীৰ পৰা ষষ্ঠ শ্রেণীলৈ প্রতিটো শাখাত দুজনীকৈ ছোৱালীয়ে নামভর্তিৰ সুযোগ পাব৷ এইক্ষেত্রত যমজ কন্যায়ো সুবিধা পাব৷ ৰাষ্ট্রীয় সাহসিকতা বঁটা, বালশ্রী বঁটাপ্রাপ্তয়ো সুযোগ লাভ কৰিব৷

চাৰুকলাৰ বিশেষ প্রতিভা থকা আৰু ৰাষ্ট্রীয় আৰু ৰাজ্যিক পর্যায়ত স্বীকৃতিপ্রাপ্ত শিশুৱেও এই নিয়মাৱলী অনুসৰি নামভর্তিৰ সুযোগ লাভ কৰিব৷ কেন্দ্রীয় বৈদেশিক পৰিক্রমাৰ কর্মচাৰীৰ সন্তানে প্রতিবছৰে দেশৰ যিকোনো স্থানত থকা কেন্দ্রীয় বিদ্যালয়ত ৬০জনে নামভর্তিৰ সুযোগ লাভ কৰাৰ লগতে ১৫জনে হোষ্টেলত থকাৰ অনুমতি পাব৷ ৰৰ কর্মচাৰীৰ ১৫ সন্তানে নামভর্তিৰ সুযোগ পাব৷ অৱশ্যে কেভিএছৰ মুখ্য কার্যালয়ৰ পৰা এই নির্দেশ দিয়া হ’ব৷ দিল্লীত সর্বাধিক ৫ আসনত নামভর্তিৰ সুযোগ পাব৷ বাকীখিনি দেশৰ বিভিন্ন প্রান্তত থকা কেন্দ্রীয় বিদ্যালয়ত৷ আনপিনে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনত বি আৰু চি গ্রুপৰ কর্মচাৰী বিশেষকৈ কেন্দ্রীয় আৰক্ষী সংগঠন যেনে– চিআৰপিএফ, বিএছএফ, আইটিবিপি, এছএছবি, চিআইএছএফ, এনডিআৰএফ, আসাম ৰাইফলছৰ কর্মচাৰীৰ সন্তানৰ বাবে কেন্দ্রীয় বিদ্যালয়ত ৫০খন আসন থাকিব৷ লক্ষণীয় যে কাশ্মীৰ প্রব্রজনকাৰীৰ বাবেও কেন্দ্রীয় বিদ্যালয়ত নামভর্তিৰ বিশেষ সুবিধা থাকিব৷

Featured