কেৰালা চৰকাৰৰ বাজেটৰ বকলা পৃষ্ঠাত মহাত্মাৰ হত্যাৰ ছবি

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা) আৰু এন আৰ চিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি থকা কেৰালাৰ ২০২০–২১ বিত্তীয় বর্ষটোৰ বাজেটৰ বকলা পৃষ্ঠাত সন্নিৱিষ্ট কৰা হৈছে মহাত্মা গান্ধীৰ হত্যাকাণ্ডক লৈ অংকন কৰা এখন ছবি৷ আজি ৰাজ্যখনৰ বিধানসভাত দাখিল কৰা হৈছে আগন্তুক বিত্তীয় বর্ষৰ বাবে সাধাৰণ বাজেটখন৷ কেন্দ্রীয় চৰকাৰৰ বিতর্কিত আইন ‘কা’ আৰু প্রস্তাৱিত এন আৰ চিৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ গৈ মালয়ালাম শিল্পী এগৰাকীয়ে অংকন কৰা ছবিখনক বাজেটৰ বকলা পৃষ্ঠাত স্থান দিয়া ঘটনাক কেন্দ্র কৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এই বিষয়টো সন্দর্ভত মন্তব্য আগবঢ়াই কেৰালাৰ বিত্তমন্ত্রী থমাছ আইজাকে কৈছে যে নিশ্চিতভাৱে বাজেট ভাষণ হৈছে এক ৰাজনৈতিক বিবৃতি৷ গতিকে সাম্প্রতিক পৰিস্থিতিক লৈ বাজেটৰ বকলা পৃষ্ঠাত সন্নিৱিষ্ট হ’ব পাৰে প্রাসংগিক পেইণ্টিং বা কার্টুন৷ মহাত্মা গান্ধীৰ হত্যাৰ দৃশ্যক মালয়ালাম শিল্পীগৰাকীয়ে অংকন কৰাৰ লগে লগে কেৰালা চৰকাৰে ইয়াক বাজেটৰ বকলা পৃষ্ঠাত স্থান দিয়াৰ সিদ্ধান্ত লৈছিল৷ সাম্প্রদায়িক কুচকাৱাজ চলাই দেশত এনআৰচিৰ জৰিয়তে বিভেদৰ বীজ সিঁচিবলৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে চলাই থকা অপচেষ্টাৰ বিৰুদ্ধে এয়া এক প্রতিবাদ বুলিও উল্লেখ কৰিছে থমাছ আইজাকে৷ ইফালে দক্ষিণৰ ৰাজ্যখনক মোদী চৰকাৰে পর্যাপ্ত পুঁজি মুকলি কৰি নিদিয়াৰ অভিযোগো আনিছে মন্ত্রীগৰাকীয়ে৷

Comments (0)
Add Comment