ক’ৰোনাঃ চীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ বিশ্বজুৰি মহামাৰী ক’ৰোনাৰ সংহাৰ বৃদ্ধি কৰি নিজকে মহাশক্তি কৰাৰ পৰিকল্পনাৰে মানৱ জাতিৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰা চীনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে লণ্ডনস্থিত ইণ্টাৰনেচনেল কাউঞ্চিল অব জুৰিষ্টে(আইচিজে)। ৰাষ্ট্ৰসংঘৰ মানৱধিকাৰ আয়োগক আইচিজেই আবেদন জনাই চীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাই সংস্থাটোৰ অধ্যক্ষ আদিশ চি আগৰৱালাই কয় যে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ সম্প্ৰসাৰিত নোহোৱাৰ বাবে চীনে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ বাবেই বিশ্বজুৰি আৰ্থিক মন্দাবস্থাৰ সৃষ্টি হৈছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত লক্ষ লক্ষজনে সংস্থাপন হেৰুৱাইছে। এনে গুৰুতৰ অপৰাধৰ বাবে চীনৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা মানৱ অধিকাৰ আয়োগে গ্ৰহণ কৰাটো অতি
প্ৰয়োজনীয় বুলিও কয় অধ্যক্ষগৰাকীয়ে।

Comments (0)
Add Comment