ক’ৰোনাত আক্ৰান্ত হ’ব ভাৰতৰ ৩০ কোটি লোক

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ প্ৰাণঘাতী ক’ৰোনা ভাইৰাছৰ হটস্পট হ’ব ভাৰত । ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ ছুনামিৰ সৈতে মোকাবিলা কৰিব লাগিব ভাৰতে । দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ২৫ শতাংশ এই ঘাতক ভাইৰাছটোত আক্রান্ত হ’ব ৷ – এই ভয়াৱহ সকীয়নিমূলক মন্তব্য আমেৰিকাস্থিত চেণ্টাৰ ফৰ ডিজিছ ডায়নামিকছ, ইকন’মিকছ এণ্ড পলিচী (চিডিডিইপি)ৰ সঞ্চালক ড০ ৰামানন লক্ষ্মীনাৰায়ণৰ ৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যম বিবিচিৰ দিল্লীস্থ সাংবাদিক ৰজনী বৈদ্যনাথনৰ সৈতে হোৱা সাক্ষাৎকাৰত ড০ ৰামানন লক্ষ্মীনাৰায়ণে ভাৰতৰ ৩০ কোটি লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হ’ব অর্থাৎ দেশখনৰ প্রতি চাৰিগৰাকী ব্যক্তিৰ ভিতৰত এগৰাকী এই ঘাতক ভাইৰাছটোত আক্রান্ত হ’ব বুলি ভয়াৱহ মন্তব্য আগবঢ়াইছে ৷ তদুপৰি এই আক্রান্তসকলৰ ভিতৰত ৫ কোটি গুৰুতৰভাৱে অসুস্থ হ’ব ৷

উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ঘাতক ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে গ্রহণ কৰা পদক্ষেপক প্রশংসা কৰাৰ পাছতেই আমেৰিকাস্থিত চিডিডিইপিৰ সঞ্চালক ড০ ৰামাননৰ মন্তব্য তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে ৷ সাক্ষাৎকাৰত ড০ ৰামাননে আমেৰিকা আৰু গ্রেট ব্রিটেইনত যি গাণিতিক আর্হিৰে আক্রান্ত সম্ভাব্যৰ সংখ্যা নির্ধাৰণ কৰিছে, সেই আধাৰতে ভাৰততো ৩০ কোটি লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হ’ব বুলি মন্তব্য কৰিছে ৷

আনপিনে, ড০ ৰামাননে ‘দ্য ৱায়াৰ’ত ৫০ মিনিটজোৰা সাক্ষাৎকাৰত এই সংখ্যা বিবিচিতকৈ অধিক বুলি মন্তব্য কৰিছে ৷ এই সাক্ষাৎকাৰত ড০ ৰামাননে আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ ২০–৬০ শতাংশ লোক ক’ৰোনাত আক্রান্ত হ’ব বুলি সকীয়নি দিছে ৷ এই তথ্যৰ আধাৰ হিচাপে লৈ ভাৰতৰ মুঠ জনসংখ্যাৰ ৬০ শতাংশ লোক ক’ৰোনাত আক্রান্ত হ’ব পাৰে বুলি সকীয়নি দিছে ৷ তেওঁৰ ভাষ্য মতে, ভাৰতত ৭০ৰ পৰা ৮০ কোটি লোক ভাইৰাছটোত আক্রান্ত হ’ব ৷ ইয়াৰে অধিকাংশ সাধাৰণভাৱে আক্রান্ত হ’ব আৰু কম শতাংশ গভীৰভাৱে অসুস্থ হ’ব ৷ অতি নগণ্য শতাংশ লোকে দুখজনকভাৱে প্রাণ হেৰুৱাব ৷ উল্লেখ্য যে ২০ মার্চলৈকে ভাৰতত ২৩২জন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে ৫জন লোকে প্রাণ হেৰুৱাইছে ৷

Featured
Comments (0)
Add Comment