ক’ৰোনাৰ প্রতিৰোধী ব্যৱস্থা: পত্নীসহ আছুতীয়াকৈ আছে দিলীপ কুমাৰ

নিয়মীয়া বার্তা, ১৯ মার্চঃ নভেল ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতে বলীউডৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰে নিজাববীয়াকৈ গ্রহণ কৰিছে প্রতিৰোধী ব্যৱস্থা৷ দিলীপ কুমাৰে অভিনেত্রী পত্নী ছাইৰা বানুৰ সৈতে আছুতীয়াকৈ থাকিবলৈ লৈছে৷

অভিনেতাগৰাকীয়ে জনসাধাৰণৰ সৈতে সকলো সম্পর্ক ছেদ কৰিছে ক’ৰোনাৰ এই বিস্তাৰৰ বাবে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে দিলীপ কুমাৰে ঘোষণা কৰিছে যে ক’ৰোনাই ভাৰততো বিস্তাৰ লাভ কৰাৰ লগে লগে তেওঁলোকে নিজৰ নিৰাপত্তা নিজেই গ্রহণ কৰিছে৷ কোনোধৰণৰ সংক্রমণে যাতে অভিনেতা দম্পতীলৈ বিপদ মাতি আনিব নোৱাৰে সেই বিষয়টোক দুয়ো বিশেষভাৱে গুৰুত্ব দিয়া বুলি ৯৭ বছৰীয়া দিলীপ কুমাৰে ঘোষণা কৰিছে৷

অকল সেয়াই নহয়, দেশবাসীক ক’ৰোনাৰ প্রতিৰোধী ব্যৱস্থা নিজেই গ্রহণ কৰিবলৈও আহ্বান জনাইছে অভিনেতাগৰাকীয়ে৷

Comments (0)
Add Comment