ক’ৰোনাৰ মোকাবিলাত ৮২ হাজাৰ কোটি ডলাৰ

ইউৰোপীয় কেন্দ্রীয় বেংকৰ মুৰব্বীৰ জৰুৰী সাহায্য পেকেজ ঘোষণা

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ ক’ৰোনা মহামাৰীৰ মোকাবিলা কৰিবলৈ ইউৰোপীয় কেন্দ্রীয় বেংকে ইইউৰ সদস্য দেশসমূহৰ বাবে জৰুৰী পেকেজ হিচাপে মুকলি কৰি দিছে ৭৫ হাজাৰ কোটি ইউৰো অর্থাৎ ৮২ হাজাৰ কোটি মার্কিন ডলাৰ৷ ইউৰো মণ্ডলত দেশসমূহৰ চৰকাৰে এই পুঁজিৰ জৰিয়তে ক’ৰোনাৰ মোকাবিলাৰ বাবে বিভিন্ন দৰবজাত সামগ্রী ক্রয় কৰিবলৈ সক্ষম হ’ব৷ স্মর্তব্য যে শেহতীয়াকৈ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিস্তাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহাদেশখনৰ ইটালী আৰু গ্রীচত৷ ইউৰোপীয় কেন্দ্রীয় বেংক (ইচিবি)ৰ মুৰব্বী ক্রিষ্টিনে লাগার্ডেই ছ’চিয়েল মিডিয়া টুইটাৰযোগে উল্লেখ কৰিছে যে ইউৰোপৰ সংকট মোচনৰ বাবে বেংকটোৱে দিয়া প্রতিশ্রুতিৰ কোনো নির্দিষ্ট সীমা নাই৷ স্মর্তব্য যে মাত্র কিছুদিন পূর্বে বিশ্বৰ বিভিন্ন দেশৰ কেন্দ্রীয় বেংক আৰু চৰকাৰবোৰে ক’ৰোনাৰ মোকাবিলা কৰিবলৈ যাৱতীয় সকলো ব্যৱস্থা গ্রহণ কৰিব বুলি ঘোষণা কৰিছিল৷ ইউৰোপীয় বেংকটোৰ শেহতীয়া এই সিদ্ধান্তই ইইউৰ সদস্য দেশবোৰৰ অর্থনীতিৰ ওপৰত আহি পৰা চাপ প্রশমিত কৰাৰ ক্ষেত্রতো বিশেষ সহায় কৰিব বুলি লাগার্ডে উল্লেখ কৰিছে৷ স্মর্তব্য যে কালি নিশা বেংকটোৰ পৰিচালনা পৰিষদৰ ২৫ সদস্য ৰাষ্ট্রই জৰুৰী টেলিফোনিক বৈঠক অনুষ্ঠিত কৰাৰ পিছতে লাগার্ডেই এই সিদ্ধান্ত গ্রহণ কৰিছে৷

Comments (0)
Add Comment