ক’ৰোনা ভাইৰাছ বিশ্বৰ বাবে অত্যন্ত গুৰুতৰ সংকট

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা নভেল ক’ৰোনা ভাইৰাছক লৈ অত্যন্ত উদ্বিগ্ণ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হু৷ মঙলবাৰে এই ভাইৰাছৰ সংক্রমণ সন্দর্ভত সকীয়নি প্রদান কৰি স্বাস্থ্য সংস্থাই কয় যে ক’ৰোনা ভাইৰাছ বিশ্বৰ বাবে অত্যন্ত গুৰুতৰ সংকট৷ ‘চীনৰ ৯৯ শতাংশ ঘটনাই দেশখনৰ বাবে অত্যন্ত জৰুৰীকালীন সমস্যাৰ সৃষ্টি কৰিছে৷ কিন্তু সমগ্র বিশ্বৰ বাবে এয়া অত্যন্ত গুৰুতৰ সমস্যা৷’ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেডর্ছ আধানম ঘেব্রেছাছে এইদৰে কয়৷

বিশ্ব স্বাস্থ্য সংস্থাৰ দুদিনীয়া বৈঠকত প্রায় ৪০০ বিজ্ঞানীয়ে কিদৰে ক’ৰোনা ভাইৰাছৰ সংক্রমণ হৈছে আৰু সম্ভাব্য ভেকচিন উদ্ভাৱন সন্দর্ভত পর্যালোচনা কৰে৷ ‘সবাতোকৈ গুৰুত্বপূর্ণ বিষয়টো হ’ল ভাইৰাছৰ প্রকোপ বন্ধ কৰা আৰু জীৱন বচোৱা৷ আপোনালোকৰ সমর্থনত আমি যি সম্ভৱ একেলগে কৰিব পাৰোঁ৷’ –টেডর্ছে এইদৰে কয়৷

উল্লেখ্য যে যোৱা ৩১ ডিচেম্বৰত চীনত চিনাক্ত হোৱা ক’ৰোনা ভাইৰাছৰ আক্রমণত এতিয়ালৈকে দেশখনত ১০০০ লোকে প্রাণ হেৰুৱাইছে আৰু ৪২,০০০ লোক আক্রান্ত হৈছে৷ এই ভাইৰাছ বিশ্বৰ আন পঁচিছখন দেশলৈ সংক্রমিত হৈছে৷ এতিয়ালৈকে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ নির্দিষ্ট চিকিৎসা বা ভেকচিন আৱিষ্কাৰ হোৱা নাই৷

Comments (0)
Add Comment