ক’ৰোনাত আক্ৰান্ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনক চিকিৎসালয়ত ভৰ্তি

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ক’ভিড-১৯ এ ব্ৰিটেইনত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ক’ৰোনা সংক্ৰমিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনক দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

উল্লেখ্য যে ২৭ মাৰ্চত ক’ভিড-১৯ ধৰা পৰিছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ দেহত । তাৰ পাছতে আছুতীয়াকৈ আছিল প্ৰধানমন্ত্ৰীগৰাকী ।

ইপিনে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে জনোৱা অনুসৰি প্ৰধানমন্ত্ৰীজনৰ দেহত ক’ৰোনাৰ লক্ষণ দেখা পোৱাৰ পাছতে চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক ।

Featured
Comments (0)
Add Comment