খৰাঙৰ বিভীষিকা চীনত শুকাই গ’ল গুৰুত্বপূর্ণ য়াংজি নদী

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ ইউৰোপৰ বিভিন্ন দেশত খৰাং পৰিস্থিতিৰ বাবে নদীবোৰ শুকাই অহাৰ দৰে চীনতো অনাবৃষ্টিৰ ভয়াৱহ প্রভাৱ পৰিছে৷ গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱর্তনৰ ভয়াৱহ প্রভাৱৰ ফলত এইবাৰ চীনৰ গুৰুত্বপূর্ণ য়াংজি নদী শুকাই গৈছে৷ উল্লেখনীয় যে য়াংজি হৈছে চীনৰ অন্যতম দীঘলীয়া নদী৷ এই নদীখনৰ বিভিন্ন স্থান এতিয়া শুকান পথাৰ হৈ পৰিছে৷

লক্ষণীয়ভাৱে অনাবৃষ্টিৰ ফলত নদীখন শুকাই যোৱাৰ উপৰি ইয়াৰ সৈতে জড়িত কেইবাটাও জলবিদ্যুৎ প্রকল্প বন্ধ হৈ পৰিছে চীনত৷ য়াংজি হৈছে চীনৰ জল পৰিবহণৰ প্রাণকেন্দ্র৷ কিন্তু খৰাঙৰ ফলত নদীখন শুকাই যোৱাৰ লগে লগে জাহাজ চলাচল বন্ধ হৈ পৰিছে বিভিন্ন চহৰৰ মাজত৷ বিশাল নদী এখনৰ বক্ষ এনেদৰে শুকাই অহাৰ ফলত শংকিত হৈ পৰিছে চীন৷ সেইবাবে তিনি দিন পূর্বে দেশজুৰি খৰাঙৰ সতর্কতা জাৰি কৰিছে প্রশাসনে৷

লক্ষণীয় যে খৰাঙৰ ফলত আটাইতকৈ ক্ষতিগ্রস্ত হৈছে চীনৰ দক্ষিণ পশ্চিম অংশ৷ বতৰ বিজ্ঞান বিভাগে সতর্কবাণী কৰা অংশৰ পৰিস্থিতি সলনি হোৱাৰ কোনো লক্ষণ নাই৷ আগন্তুক ছেপ্ঢেম্বৰৰ প্রথমটো পষেকলৈ চীনত খৰাং পৰিস্থিতি অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে সতর্কবাণী কৰিছে৷ ইফালে, ছিচুৱান প্রদেশৰ চৰকাৰে গুৰুত্বপূর্ণ কেইবাটাও জলবিদ্যুৎ প্রকল্প সাময়িকভাৱে বন্ধ কৰা বুলি ঘোষণা কৰিছে৷ প্রতিবছৰ গ্রীষ্মত চীনত বিদ্যুতৰ চাহিদা ২৫ শতাংশ বৃদ্ধি পায়৷ জলবিদ্যুৎ প্রকল্পসমূহৰ ওপৰত নির্ভৰশীল চীনৰ শক্তিখণ্ড৷ কিন্তু এইবাৰ বহুকেইটা প্রকল্প বন্ধ হোৱাৰ ফলত বিদ্যুৎ সংকতৰো সৃষ্টি হৈছে কেইবাখনো প্রদেশত৷

Featured