গংগাৰ পাৰত মল-মূত্ৰ ত্যাগ কৰিলে ভৰিব লাগিব ১০ ৰ পৰা ২০ হাজাৰ টকা

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীৰ সমীপৰ গংগা নদীত এতিয়াও ভয়াবহ প্ৰদূষণে গ্ৰাস কৰি আছে। এন জি টিৰ নিৰ্দেশত গংগাৰ ঘাটত প্ৰদূষণ বিয়পোৱাসকলক ২৫,০০০ টকা জৰিমনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ।

প্ৰশাসনৰ মতে জৰিমনা ভৰিবলগীয়া হ’লেহে মানুহে গংগা নদীত প্ৰদূষণ কমাবলৈ চেষ্টা কৰিব ।

সেই অনুসৰি মানুহে যদি গংগাৰ ঘাটত কাপোৰ ধোৱে তেন্তে ৫০০০ ৰ পৰা ২৫০০০ পৰ্যন্ত জৰিমনা ভৰিব লাগিব । ইয়াৰোপৰি প্ৰতিমা বিসৰ্জন, অন্য পূজা সামগ্ৰী বিসৰ্জন দিলে ১০,০০০ টকা, লগতে গংগাৰ পাৰত মল-মূত্ৰ ত্যাগ কৰিলে ১০ ৰ পৰা ২০ হাজাৰ পৰ্যন্ত জৰিমনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য যে এই সিদ্ধান্তক গংগা সমিতিৰ বৈঠকত মোহৰ মৰাৰ লগেলগেই এই জৰিমনাৰ পৰিমান কাৰ্যকৰী হ’ব ।

Comments (0)
Add Comment