গণৰাজ্য দিৱসৰ বাবে নিৰাপত্তাৰক্ষীৰ অতিৰিক্ত কোম্পানী মোতায়েন

-প্ৰণৱ জ্যোতি মহন্ত

নিউজডেস্ক, ১৯ ডিচেম্বৰঃ ২০২০ বৰ্ষৰ গণৰাজ্য দিৱস সমাৰোহৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় আৰম্ভ হৈছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিল্লীৰ এই সমাৰোহৰ বাবে কেন্দ্ৰীয় সশস্ত্র আৰক্ষী বাহিনীৰ অতিৰিক্ত ৪৮ টা কোম্পানীক মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ইয়াৰে সেনাবাহিনীৰ প্রথম দলটো চলিত সপ্তাহতেই ৰাজধানীত মোতায়েন কৰা হ’ব ।

গৃহ মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ কৰা মতে গণৰাজ্য দিৱস উপলক্ষে সুৰক্ষা আৰু আইন শৃংখলাজনীত কাৰণতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য যে এই বাহিনীসমূহক ২৫ ডিচেম্বৰৰ পৰা মোতায়েন কৰা হ’ব আৰু তেওঁলোক ৩১ জানুৱাৰী পৰ্যন্ত দিল্লীত সুৰক্ষাৰ দায়িত্বত থাকিব ।

Featuredগণৰাজ্য দিৱস
Comments (0)
Add Comment