গীর্জালৈ প্রার্থনাৰ বাবে যোৱা ১৪ খ্রীষ্টানক নৃশংস হত্যা : বুর্কিনা ফাছোত জেহাদীৰ আক্রমণ

নিয়মীয়া বাৰ্তা,৩ ডিচেম্বৰঃ পশ্চিম আফ্রিকান ৰাষ্ট্র বুর্কিনা ফাছোত দেওবাৰে ইছলামিষ্ট সন্ত্রাসবাদীয়ে গির্জালৈ প্রার্থনাৰ বাবে যোৱা ১৪গৰাকী খ্রীষ্টান লোকক গুলীয়াই হত্যা কৰা ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈছে দেশখনৰ পৰিস্থিতি ৷ উল্লেখনীয় যে, স্কুটাৰত অহা বন্দুকধাৰীৰ দল এটাই জধে–মধে গুলীচালনা কৰাৰ ফলত দেশখনৰ পূব প্রান্তত এই লোকসকল নিহত হৈছে ৷ আল–কায়দা আৰু ইছলামিক ষ্টেট সন্ত্রাসবাদীয়ে দীর্ঘদিন ধৰি বুর্কিনা ফাছোৰ পৰিস্থিতি অস্থিৰ কৰি আহিছে ৷ মালি আৰু নাইজাৰ সীমান্তৱর্তী দেশখনৰ দুর্গম অঞ্চলত দীর্ঘদিন ধৰি ইছলামিষ্ট জেহাদীয়ে নিৰীহ লোকক হত্যা কৰি চলাই আহিছে অস্থিৰতা ৷ তাৎক্ষণিকভাৱে এই ঘটনাত জড়িত থকা সন্ত্রাসবাদীকেইটাক প্রশাসনে চিনাক্ত কৰিব পৰা নাই ৷ কিন্তু দেশখনৰ সেনাই অভিযান তীব্রতৰ কৰিছে অঞ্চলটোত ৷ স্মর্তব্য যে যোৱা ফেব্রুৱাৰী মাহৰ পৰা খ্রীষ্টান লোকসকলৰ ওপৰত চলি আছে নির্বিচাৰ আক্রমণ ৷ ইয়াৰ পূর্বেও অঞ্চলটোত ২১গৰাকী খ্রীষ্টান লোক নিহত হৈছিল ৷

Featured