গুৱাহাটীত মোদী-আবেৰ সন্মিলন বাতিল

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী মোদী- জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ গুৱাহাটী সন্মিলন বাতিল কৰা হৈছে ৷ ৰাজধানী মহানগৰী গুৱাহাটীত ‘কেব’বিৰোধী আন্দোলন তীব্রতৰ হৈ উঠাত অহা ১৫–১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখন বাতিল কৰা হৈছে বুলি বৈদেশিক প্রতিক্রমা মন্ত্রালয়ৰ মুখপাত্র ৰবিশ কুমাৰে জনায় ৷

মুখপাত্র ৰবিশ কুমাৰে প্রকাশ কৰা মতে, জাপানৰ প্রধানমন্ত্রী শ্বিনজ’ আবেৰ ভাৰত ভ্রমণ দুয়ো দেশৰ সিদ্ধান্তমর্মে স্থগিত ৰখা হৈছে, অতি সোনকালে দুয়ো দেশে মিলি সুবিধাজনক তাৰিখ ঠিক কৰিব ৷

উল্লেখ্য যে বিগত সপ্তাহত বৈদেশিক পৰিক্রমা মন্ত্রালয়ে জাপানৰ প্রধানমন্ত্রী ভ্রমণৰ তাৰিখ–স্থান ঘোষণা কৰা নাছিল যদিও গুৱাহাটী সন্মিলনৰ বাবে প্রস্তুতি জোৰদাৰ চলিছিল ৷

FeaturedPM NARENDRA MODIমোদী-আবেৰ সন্মিলন
Comments (0)
Add Comment