গৌৰী লংকেশক হত্যাঃ ঝাৰখণ্ডৰ ধানবাদত গ্রেপ্তাৰ অভিযুক্ত

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা কর্ণাটকৰ মহিলা সাংবাদিক গৌৰী লংকেশৰ হত্যাকাৰীক বৃহস্পতিবাৰে ঝাৰখণ্ডৰ ধানবাদ জিলাত গ্রেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বাংগালুৰু আৰক্ষীৰ এটা তদন্তকাৰী দলে অভিযান চলাই ৰুচিকেশ ডেভ্রিকাৰ ওৰফে ৰাজেশ ওৰফে মুৰলী ওৰফে শিৱাক ধানবাদৰ কাট্রাছ নামে ঠাইত কেইবামাহো আত্মগোপন কৰি থকাৰ পিছত গ্রেপ্তাৰ কৰে ৷ বাংগালুৰু আৰক্ষীয়ে শুকুৰবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি ট্রেনজিট ৰিমাণ্ডত বাংগালুৰুলৈ আনে ৷ উল্লেখ্য যে ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালুৰুত ঘৰৰ সন্মুখতে গৌৰী লংকেশক গুলীয়াই হত্যা কৰিছিল ৷

Comments (0)
Add Comment