ঘন কুঁৱলীৰ বাবে ৪ খন বিমান বাতিল আৰু ১৯ খনৰ পথ সলনি

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ সোমবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত ঘন কুঁৱলীৰ ফলত সৃষ্টি হোৱা কম দৃশ্যমানতাৰ কাৰণে ৪ খন বিমান বাতিল কৰাৰ লগতে ১৯ খন বিমানৰ পথ সলনি কৰা হৈছে ।

ইপিনে ইণ্ডিগ’ কৰ্তৃপক্ষই আজি তেওঁলোকৰ সকলো যাত্ৰীক যাত্ৰাৰ পূৰ্বেই বিমান উৰণৰ সময়সূচী সালসলনিৰ ওপৰত এক বাৰ্তা প্ৰেৰণ কৰে ।

Comments (0)
Add Comment