চন্দ্রযান–৩, গগনযানৰ বর্ষ হ’ব ২০২০

ইছৰোৰ মুৰব্বী বিজ্ঞানী কে শিৱানৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মুৰব্বী বিজ্ঞানী কে শিৱানে বুধবাৰে উল্লেখ কৰিছে যে ২০২০ বর্ষটো হ’ব চন্দ্রযান–৩ আৰু গগনযানৰ বছৰ ৷ বিজ্ঞানীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ২০২০ বর্ষটোত ভাৰতে চন্দ্র অভিযানৰ তৃতীয় সংস্কৰণত মনোনিৱেশ কৰিব ৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে এই কার্যত অনুমোদন জনোৱা বুলি ইছৰোৰ মুৰব্বীগৰাকীয়ে আজি ঘোষণা কৰিছে ৷ চন্দ্রযান–৩ৰ কাম নিয়মীয়াভাৱে চলি আছে৷ বর্ষটোৰ প্রথমটো দিনতে এখন সংবাদ মেলত বিজ্ঞানীগৰাকীয়ে এই কথা ঘোষণা কৰাৰ উপৰি গগনযানৰ কামো চলিত বর্ষটোতেই আৰম্ভ হ’ব বুলি সাংবাদিকক জানিবলৈ দিছে ৷ ইতিমধ্যে গগনযানৰ বাবে চাৰিগৰাকী মহাকাশচাৰীক বাছনি কৰা হৈছে ৷ জানুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ পৰা এই চাৰিগৰাকী মহাকাশচাৰীক প্রশিক্ষণ দিয়াৰ চিন্তা–চর্চা চলোৱা হৈছে ৷ স্মর্তব্য যে গগনযান হ’ব মহাকাশলৈ ভাৰতৰ প্রথমটো মানৱ অভিযান ৷ ২০২২ চনত মহাকাশলৈ গগনযান প্রেৰণৰ চিন্তা–চর্চা চলাইছে ভাৰতে ৷

Comments (0)
Add Comment