চন্দ্ৰপৃষ্ঠৰ গাঁতৰ থ্ৰী ডি চিত্ৰ মুকলি ইছৰ’ৰ

চন্দ্ৰান-২ৰ পৰা সংগৃহীত ছবি

নতুন দিল্লীঃ চন্দ্ৰপৃষ্ঠত এটা গাঁতৰ থ্ৰী-ডি আলোকচিত্ৰ মুকলি কৰি দিছে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ই। চন্দ্ৰযান-২ৰ পৰা আলোকচিত্ৰ সংগ্ৰহ কৰা হৈছে। চন্দ্ৰপৃষ্ঠৰ কক্ষপথৰ ১০০ কিমি নিলগৰ পৰা এই আলোকচিত্ৰ সংগ্ৰহ কৰা হৈছে। বৃহস্পতিবাৰে এই থ্ৰী ডি আলোকচিত্ৰ প্ৰকাশ কৰাৰ পাছতে সংবাদমাধ্যমত চৰ্চা লাভ কৰিছে। অবশ্য়ে এই সন্দৰ্ভত অধিক তথ্য সদৰী কৰাৰ পৰা বিৰত আছে ইছৰ’।

চন্দ্ৰপৃষ্ঠৰ থ্ৰী ডি ছবি মুকলি