চলন্ত ৰে’লত ষ্টাণ্ট কৰিবলৈ গৈ মৃত্যুক সাৱটিলে যুৱকে

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ মহাৰাষ্ট্ৰৰ এজন ২০ বছৰীয়া যুৱকে এখন চলন্ত লোকেল ট্ৰেইনত ষ্টাণ্ট কৰিবলৈ গৈ মৃত্যুক সাৱটে । মৃত যুৱকজন দিলচান বুলি চিনাক্ত কৰা হৈছে ।

দিলচানে ষ্টাণ্ট কৰাৰ বাবে ট্ৰেইনখনৰ কাষত ওলমি থকাৰ সময়তে বাহিৰৰ এটা খুঁটাত খুন্দা খাই মৃত্যুক সাৱটে ।

উল্লেখ্য যে মৃত দিলচানে তেওঁৰ ককায়েকৰ বিয়াৰ বাবে কাপোৰ কিনিবলৈ গৈ আছিল । দিবা আৰু মুম্ব্ৰা ষ্টেচনৰ মাজত তেওঁ ষ্টাণ্ট কৰাৰ ভিডিঅ’ তেওঁৰ বন্ধুবৰ্গই ফোনযোগে সংগ্ৰহ কৰি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল ।

Comments (0)
Add Comment