চিআৰপিএফৰ জোৱানে পাব ১০০ দিনৰ ছুটী

অমিত শ্বাহৰ আশ্বাস

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃপৰিয়ালৰ সৈতে সময় কটাবলৈ কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ জোৱানে বছৰত অতি কমেও ১০০ দিনৰ ছুটী লাভ কৰিব৷ নতুন দিল্লীত চি আৰ পি এফৰ মুখ্য কার্যালয় মুকলি কৰি দেওবাৰে এই আশ্বাস দিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ অনুষ্ঠানত তেওঁ কয় যে চি আৰ পি এফ হ’ল বিশ্বৰ সবাতোকৈ সাহসী বাহিনী৷ সাহসী জোৱানসকলৰ বীৰত্বক ভূয়সী প্রশংসা কৰি অমিত শ্বাহে দেশৰ হৈ প্রাণ আহুতি দিয়া ২,১৮৪গৰাকী চি আৰ পি এফ জোৱানলৈ শ্রদ্ধাঞ্জলি অর্পণ কৰে৷

Comments (0)
Add Comment